বিহালীৰ বুৰৈঘাটত অঘটন । নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ খুন্দাত বনৰীয়া হাতী মৃত্যু।।

বিহালীৰ বুৰৈঘাটত অঘটন । নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ খুন্দাত বনৰীয়া হাতী মৃত্যু।।

নিশা বিহালীৰ বুৰৈঘাটত অঘটন। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীক মহটিয়াই নিয়ে দ্ৰুতবেগী যাত্ৰাবাহী ৰেলে।
ফলত থিতাতে মৃত্যু হয় বনৰীয়া হাতীটো । এই শোকাৱহ ঘটনাটো যোৱা নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় বিশ্বনাথ জিলাৰ বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বিহালীৰ বুৰৈ ঘাটত। উল্লেখযোগ্য যে দৈনিক খাদ্যৰ সন্ধানত বিহালীৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই আহে শ শ বনৰীয়া হাতী জাক। বনৰীয়া হাতীৰ জাকে খেতিয়ক ৰাইজৰ নিদ্ৰা হৰণ কৰি থকাৰ সময়তে আজি উক্ত ঘটনা সংঘটিত হয় । ইফালে আজিও এই পথেৰে এটা বনৰীয়া হাতীৰ জাকে ৰে’ল লাইন পাৰ হওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে অৰুণাচলৰ নাহৰলগুণ পৰা গুৱাহাটীৰলৈ গৈ থকা নামনিমুৱা ডনী’পল এক্সপ্ৰেছৰ খুন্দাত বনৰীয়া হাতীটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবেদন -বিহালী

GTM Desk