টীয়কত সতী ৰাধিকা দিৱস উদযাপন

টীয়কত সতী ৰাধিকা দিৱস উদযাপন

টীয়কৰ প্ৰতিবেদক ৫ মে/২৩

বিজেপি কলিয়াপানী মণ্ডল অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত ২ নং কাৱৈমাৰী গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত কাৱৈমাৰীত আজি দ্বিতীয় সংখ্যক শান্তি সতী ৰাধিকা উৎসৱ উদযাপন কৰা হয়।এই লৈ পুৱা ধৰ্মধ্বজা উত্তোলন,গছ পুলি ৰোপণ,বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সমাপন হোৱাৰ পাছত অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক লীলাকান্ত দাসৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়।উক্ত মুকলি সভাত টীয়ক জ্যোতি বিদ্যাপীঠৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি সতী ৰাধিকাৰ আদৰ্শ আৰু বৰ্তমান ইয়াৰ সামাজিক প্ৰয়োজনীয়তা সম্পৰ্কে বিষয়ত আলোকপাত কৰি মহাসতী গৰাকীৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে।ইপিনে বিজেপি কলিয়াপানী মণ্ডলৰ সভাপতি ৰাতুল বৰা,সাধাৰণ সম্পাদক সীমান্ত বৰুৱা,জিলা অনুসূচীত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক ৰমেন দাস,সমাজ সেৱক নিৰঞ্জন দাস,জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটিৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিক বৰগীত প্ৰতিযোগিতা,সতী ৰাধিকা নাট প্ৰদৰ্শনৰ লগতে ৰাতিলৈ হৰিচন্দ্ৰ উপাখ্যান ভাওনা মঞ্চায়নৰ ব্যৱস্থা কৰিছে।ইপিনে আজিৰ দিনটোত বুদ্ধ পূৰ্ণিমাৰ বন্ধৰ সমান্তৰালকৈ সতী ৰাধিকা দিৱস উদযাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে উদ্যোক্তাসকলে।

GTM Desk