ৰন্ধন গেছ কঢ়িওৱা পৰিবহণ সংস্থাৰ ধৰ্মঘট; ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ পূৰ্ণ সম্ভাৱনা…

ৰন্ধন গেছ কঢ়িওৱা পৰিবহণ সংস্থাৰ ধৰ্মঘট; ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ পূৰ্ণ সম্ভাৱনা…
🔴
উত্তৰ পূৰ্বাঞ্চলত নাটনি হ’ব পাৰে ৰন্ধন গেছৰ
সোমবাৰৰ পৰা উত্তৰ-পূৱৰ ৭ টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা অনিদিষ্টকাললৈ বন্ধৰ ঘোষণা কৰা হৈছে। উত্তৰ-পূৱ পেকড এল পি জি ট্ৰেন্সপৰ্টাৰ এছোচিয়েচনে (The North East Packed LPG Transporter Association) অৰ্থাৎ NEPLTAই কেইবাদফীয়া দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে। এই দাবীত IOCL কৰ্তৃপক্ষই থলুৱাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে।
এতিয়া উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, আৰু দুলীয়াজান বটলিং প্লান্টৰ সম্পূৰ্ণ পৰিবহন সেৱা বন্ধ থাকিব বুলি জানিব পৰা গৈছে। পৰিবহন সেৱা বন্ধৰ ফলত বটলিং প্লান্টত কেইবা সহস্ৰাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন আৱদ্ধ হৈ পৰিছে। সেয়ে পৰিবহন সেৱা বন্ধ থকা পৰ্যন্ত ৰাজ্যত ৰন্ধন গেছৰ যোগান ব্যাহত হ’ব। ফলত ৰাজ্যবাসীয়ে ৰন্ধন গেছৰ নাটনিত ভুগিব লগাত পৰিব।

GTM Desk

Related