শ্ৰীৰামপুৰৰ ১০০টা মহিলা আত্মসহায়ক গোটক ২৫,০০০ টকাকৈ চেক প্রদান EM উইলছন হাছদাৰ
আত্মসহায়ক গোটক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে বি টি চি চৰকাৰে ‘মাইনাও স্বৌৰাং বিথাংখী’ আঁচনিৰ জৰিয়তে প্রতিটো গোটক ৭৫ হেজাৰ টকা দিয়াৰ ব্যৱস্থা কৰিছে। ২৫,০০০ টকাকৈ তিনিটা কিস্তিত মহিলা-আত্মসহায়ক গোটক চেক বিতৰণ ‘কার্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ১২ মাৰ্চত শ্ৰীৰামপুৰত বিটি চিৰ মনোনীত কার্যবাহী সদস্য উইলছন হাছদাই এশটা মহিলা আত্মসহায়ক গোটক ২৫,০০০ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণ কৰি হাছদাই কয়- বি টি আৰ চৰকাৰৰ মুৰব্বী প্রমোদ বড়োৱে মহিলাসকলক স্বাৱলম্বী কৰিবলৈ মাইনাও স্বৌৰাং বিথাংখী আঁচনিৰ দ্বাৰা আর্থিক অনুদান দিব বুলি প্রতিশ্রুতি দিছিল, সেই প্রতিশ্রুতি আমি আখৰে আখৰে পালন কৰি আছো। মহিলা আত্মসহায়ক গোটক প্রথম কিস্তিত ২৫,০০০ টকাকৈ দিয়া হৈছে, যিসকল গোটে এই টকাৰ সদ্ব্যৱহাৰ কৰিব তেওঁলোকক পর্যায়ক্রমে আৰু অধিক ধনৰ আবণ্টন দিয়া হ’ব। এই টকাৰে মহিলাসকলক লাভজনক ব্যৱসায় কৰাৰ বাবে হাছদাই পৰামর্শ দিয়ে। চেক বিতৰণ কাৰ্যসূচীত ইউ পি পি এল দলৰ শ্ৰীৰামপুৰ ব্লক কমিটীৰ সভাপতি নিকোলাছ হাছদা আৰু শ্ৰীৰামপুৰৰ নেতৃবৃন্দ উপস্থিত থাকে।