Advertisement

নগাঁৱৰ শেনছোৱাত মিচিং সাজপাৰৰ বিপনী “আয়াং” মুকলি

নগাঁৱৰ শেনছোৱাত মিচিং সাজপাৰৰ বিপনী “আয়াং” মুকলি

নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–মিচিং জনগোষ্ঠীৰ সাজপাৰৰ এখন বিপনী সোমবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী শেনছোৱাত মুকলি কৰা হয়। মিচিং লোকসকলৰ সাজপাৰক অধিক জনমুখী কৰাৰ প্ৰয়াসৰে এই বিপনীখন মুকলি কৰা হৈছে । বিপনীখনত মিচিং জনগোষ্ঠীৰ সাজৰ উপৰি মুগা কাপোৰৰ সাজপাৰ উপলব্ধ হ’ব। বিপনীখন সোমবাৰে আনুষ্ঠানিকভাৱে নিয়মৰ মাজেৰে মুকলি কৰে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কে.ঈশান সিঙে। উল্লেখ্য যে হৰেন দলে আৰু ৰচিদা পাটৰি দলেই বিপনীখন আৰম্ভ কৰিছে। তেওঁলোকে জনোৱা মতে উজনি অসমত মিচিং জনগোষ্ঠীৰ সাজপাৰৰ চাহিদা বেছি। নগাঁৱত ইয়াৰ চাহিদা কম। সেই বাবেই এই বিপনীখন আৰম্ভ কৰা হৈছে। নগাঁৱৰ থলুৱা শিপিনীক প্ৰাধান্য দি নিজ হাতে বোৱা সাজপাৰ ইয়াত বিক্ৰী কৰা হ’ব বুলি জনাইছে । ইতিমধ্যে তেওঁলোকে সাতখন তাঁতৰ শাল স্থাপন কৰি কাপোৰ বোৱাৰ কাম আৰম্ভ কৰিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related