নগাঁৱৰ পুৰণিগুদামত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ আৰম্ভ

নগাঁৱৰ পুৰণিগুদামত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত “বাপুজী ভৱন আৰু পুথিভঁৰাল”ৰ খেলপথাৰত সোমবাৰৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ । পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ বৰ্ণাঢ্য কাৰ্য্যসূচী অনুসৰি পুৱা ৮ঃ৩০ বজাত বিহুৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদ্‌যাপন সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামীয়ে । পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক ড° যতীন শৰ্মাই আঁত ধৰা আৰু বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে উদ্যোক্তা সমিতিৰ সমূহ সদস্য-সদস্যা উপস্থিত থকা অনুষ্ঠানত কুলপ্ৰদীপ দাসৰ পৰিচালনাত পুৰণিগুদাম সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমৱেত সঙ্গীত পৰিৱেশন কৰি অনুষ্ঠানটি সৰ্বাঙ্গসুন্দৰ কৰি তোলে । ইয়াৰ পাছতে পুৱা ৯ বজাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃক্ষৰোপণ কৰে বিশিষ্ট অভিনেতা দুলেন গায়নে ।

পৰৱৰ্তী সময়ত স্থানীয় বিশিষ্ট চিত্ৰশিল্পী ৰাতুল শৰ্মা আৰু চিত্ৰ-ভাস্কৰ্য্য শিল্পী শৰৎ বৰুৱাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দিনৰ ১১ঃ৩০ বজাত চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেৰম্ব প্ৰসাদ গোস্বামীৰ পৰিচালনাত এখনি মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কাৰ্যসূচী ৰূপায়ণ কৰে উদযাপন সমিতিয়ে। উল্লেখ্য যে পুৰণিগুদামৰ বহুকেইটা অনুষ্ঠানৰ বিষয়ববীয়া একত্ৰিত হৈ পুৰণিগুদামবাসী ৰাইজৰ সহযোগত আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ হোৱা পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহুকলৈ উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁড়াল খেলপথাৰৰ বাকৰি।নিশালৈ বিভিন্ন কাৰ্যসূচীৰ লগতে মংগলবাৰে পুৱা ৪ঃ৪৫ বজাত মাৰথান দৌৰ,পুৱা ১০ বজাত ৰচী টনা খেল,১১ বজাত টেকেলী ভঙা খেল আৰু সন্ধ্যা ৭বজাৰ পৰা বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়া। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে উদ্বোধন কৰিব লগীয়া সাংস্কৃতিক সন্ধিয়াত সংগীত শিল্পী চন্দনা ডেকা আৰু নিলোৎপল গায়নে গীত পৰিৱেশন কৰিব। লগতে “ধিচুম” কৌতুক গোষ্ঠীয়ে হাস্যৰসৰ অনুষ্ঠান অনুষ্ঠিত কৰিব। সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত । দুয়ো দিনৰ পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ “চম্পাৱতী” ৰ উদ্যোক্তা সকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related