গুৱাহাটীত পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত আই টি বি পিৰ হেড কনিষ্টবল

গুৱাহাটীত পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত আই টি বি পিৰ হেড কনিষ্টবল

আজাৰা, ২৯ এপ্ৰিল : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পূৱা সংঘটিত এক পথ দূৰ্ঘটনাত এজন লোক গুৰুতৰভাবে আহত হয়। আহত লোকজনক ভাৰত – তিব্বত সীমান্ত পুলিছ চমুকৈ আই টি বি পিৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰস্থিত পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত কৰ্মৰত হেড কনিষ্টবল বিষম সিং (৫১) বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত খবৰ মতে পুৱা প্ৰায় ৫:৩৫ বজাত মুখ্য কাৰ্যালয়ৰ গাতে লগা খানামুখৰ ভাড়াঘৰৰ পৰা আই টি বি পিৰ মুখ্য কাৰ্যালয়লৈ বুলি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে খোজ কাঢ়ি আহি থকা অৱস্থাত জালুকবাৰী দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাহনে বিখম সিঙক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ফলত তেঁও গুৰুতৰভাৱে আহত হয় । লগে লগে আই টি বি পিৰ সতীৰ্থ জোৱান সকলে তেওঁক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে জি এম চি এইচলৈ লৈ যায় । সম্প্রতি চিকিৎসালয়ত সংকটজনক অৱস্থাত তেঁও চিকিৎসাধীন হৈ আছে।

অভিজিত কলিতা, গুৱাহাটী

GTM Desk

Related