Advertisement

নগাঁৱৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাঁৱৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। এই উপলক্ষে অধ্যক্ষ সঞ্জীৱ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৬গৰাকী ডিষ্টিংচন আৰু ৮গৰাকী ষ্টাৰ মাৰ্কপ্রাপ্ত সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ফুলাম গামোচা,গ্ৰন্থৰ টোপোলা আৰু অভিনন্দন পত্ৰৰে আশিস প্ৰদান কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও ৰঙালীৰ নৃত্য-গীতত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী শাশ্বতা পূজাৰীয়ে। অধ্যক্ষ সঞ্জীৱ কুমাৰ কলিতাই ভাষণ প্ৰসংগত কয় যে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নিষ্ঠা,কৰ্মপটুতাৰে পাঠ কৰা আৰু নিয়মানুবৰ্তিতা পালন কৰি যোৱাৰ বাবে প্ৰতিবৰ্ষতে ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হৈছে । তাৰ বাবে সকলো শিক্ষক-শিক্ষয়িত্ৰী ধন্যবাদৰ পাত্ৰ। সভাত নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাই কয় যে যি সময়ত ব্যক্তিগত বিদ্যালয়সমূহে শৈক্ষিক উত্তৰণৰ জয়যাত্ৰা অব্যাহত ৰাখি চৰকাৰী বিদ্যালয়লৈ প্ৰত্যাহ্বান আনিছে,তেনে ক্ষেত্ৰত ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনেও ফলাফলৰ ক্ষেত্ৰত জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাতো অতিকৈ আনন্দৰ বতৰা। অভিনন্দন জ্ঞাপন অনুষ্ঠানত ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণিধৰ বৰা, প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাধ্যক্ষ দিলীপ কুমাৰ শইকীয়া,অৱসৰপ্ৰাপ্ত শিক্ষক সুশীল কুমাৰ বৰুৱা,ননৈ কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ দীপা বৰা,বিদ্যালয়ৰ শিক্ষক যাদৱ চন্দ্ৰ শৰ্মাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে । উল্লেখ্য যে শিক্ষানুষ্ঠানখনৰ পৰা চলিত বৰ্ষত ডিষ্টিংচন পাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকল হৈছে শিৱৰাজ দাস,অনিন্দিতা ভূঞা,জিমলি বৰা, কৃষ্টিনা বৰা,লিজা বৰা আৰু প্ৰাৰ্থনা শইকীয়া । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related