দেৱলীনা সোণোৱালৰ স্বামীক ফাঁচীৰ দাবীত উত্তাল সোণাৰি চাপৰি আৰক্ষী চকী

দেৱলীনা সোণোৱালৰ স্বামীক ফাঁচীৰ দাবীত উত্তাল সোণাৰি চাপৰি আৰক্ষী চকী

মঙলাবাৰে দেৱলীনা সোণোৱালৰ মৃতদেহ স্বামীগৃহত উদ্ধাৰৰ পাছতে দেৱলীনাৰ পিতৃ পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নাৰায়নপুৰ চাপৰি গাঁৱৰ পৱন বৰুৱাক দেৱলীনাৰ পিতৃ পৰিয়ালে ৫ লাখ আদায় নিদিয়াৰ বাবেই অমানুষিক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ মুকলি অভিযোগ উত্থাপন কৰে।

বুধবাৰে হত্যাকাৰী স্বামীক কঠোৰতম শাস্তি বিহাৰ দাবীত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। সোণাৰি চাপৰি আৰক্ষী চকীত সোণাৰি চাপৰি,কেঁকুৰী মহিলা সমাজৰ উদ্যোগত শতাধিক মহিলাই প্ৰতিবাদত ভাগ লয়।

উৎকট গৰমকো উপেক্ষা কৰি থানা চৌহদত সমবেত মহিলা সকলে দেৱলীনাৰ স্বামী পৱন বৰুৱাক ফাঁচী দিয়ক,দেৱলীনা হত্যাৰ উচিত বিচাৰ লাগে,আমাক ন্যায় লাগে, যৌতুক লোভী হত্যাকাৰী পৱন বৰুৱাক ফাঁচী দিয়ক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

থানা চৌহদত প্ৰতিবাদত অংশ লৈ অসুস্থ হৈ পৰে দেৱলীনাৰ মাতৃ। পৰৱৰ্তী সময়ত সোণাৰি চাপৰি আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক দ্বীপেন চেতিয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদী মহিলা সমাজে আৰক্ষীৰ তদন্ত নিৰপেক্ষ আৰু ক্ষীপ্ৰ কৰাৰ দাবী জনায়। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰা পৰ্যন্ত মহিলা সকলে অবিৰত প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ সকিয়নী দিয়ে।

Shahnawaz Hamza

Related