পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। পংখী সন্দিকৈক হত্যাৰ অভিযোগত স্বামী নিতিকেশক চাকৰিৰ পৰা বৰ্খাস্ত কৰি ফাঁচি দিয়াৰ দাবীত আজি শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়।শিৱসাগৰ নগৰত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত পালন কৰা এই কাৰ্যসূচীত জাতীয়, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে অংশগ্ৰহন কৰে।
পংখী সন্দিকৈৰ মাতৃ গৃহৰ লোকেও এই ধৰ্মঘটত অংশগ্ৰহন কৰে। পংখীৰ স্বামী নিতিকেশ দাসৰ ফাঁচিৰ দাবীত অৱস্থান ধৰ্মঘটস্থলী উত্তাল হৈ পৰে। আনহাতে বিজপি চৰকাৰৰ দিনত নাৰীৰ ওপৰত নিৰ্যাতন বৃদ্ধি হোৱা বুলি সংগঠন সমুহৰ নেতৃবৃন্দই ক্ষোভ প্ৰকাশ কৰে।