ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…

ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…

ভাঙা টিভি খ্যাত ইউটিউবাৰ দ্বীপজ্যোতি ডেকা বাইহাটা চিগনাচ হাস্পতালৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ।

যোৱা কেইদিনমানৰ পূৰ্বে মঙ্গলদৈৰ গাঁৱবুঢ়াৰ চ’কত কোনো দুৰ্বৃত্তই আক্ৰামন কৰাৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা দ্বীপজ্যোতি ডেকা উন্নত চিকিৎসাৰ বাবে বাইহাটাস্থিত চিগনাচ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

মূৰত আঘাতপ্ৰাপ্ত দীপজ্যোতি বৰ্তমান সুস্থ হৈ উঠিছে।

প্ৰতিটো মুহূৰ্তত চিগনাচ হাস্পতালৰ ডক্টৰ নাৰ্চ ব্যস্ত হৈ আছিল দ্বীপজ্যোতি ডেকাৰ উন্নত চিকিৎসা প্ৰদান কৰি সুস্থ কৰিবলৈ।

বৰ্তমান দ্বীপজ্যোতি ডেকা সুস্থ হৈ নিজ ঘৰলৈ উভতিল।

লগতে ভাঙা টিভি দ্বীপজ্যোতি ডেকাই সমূহ অসমবাসীক ধন্যবাদ জনোৱাৰ লগতে চিগনাচ হস্পিতালৰ কৰ্তৃপক্ষক ধন্যবাদ জনাই।

GTM Desk