কলিয়াবৰ,জখলাবন্ধাৰ বানপীড়িতৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ

কলিয়াবৰ,জখলাবন্ধাৰ বানপীড়িতৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই:–বানপানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো বুধবাৰে নগাঁও জিলাৰ কলিয়াবৰত বানপীড়িত ৰাইজে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বান পানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লোকে মঙ্গলবাৰৰ পৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ প্ৰেছ ক্লাৱ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় গ্ৰহণ কৰিছে। এই বান পীড়িত লোকসকলে বুধবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে,২০১৭চনত কলংমুখৰ হাতীমূৰা মথাউৰি ছিঙি যি ভয়াৱহ বান পৰিস্থিতিৰ সূচনা কৰিছিল, বাসগৃহকে ধৰি অনেক সম্পদ ধ্বংস কৰিছিল সেই সমূহৰ ক্ষতি আজিও পূৰণ কৰিব নোৱাৰা লোকসকল পুনৰ বানপানীৰ কৱলত পৰাত এতিয়া ক্ষোভিত হৈ পৰিছে। এইবাৰো এই বানপানীৰ কাৰণ হাতীমূৰা বান্ধ। এই বান্ধ নিৰ্মাণৰ ঠিকাদাৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ। সেয়ে অধিক ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

স্থানীয় ৰাইজে কলং পুনৰুজ্জীৱিত আঁচনি বন্ধ কৰি কলঙৰ মুখ পুনৰ বন্ধ কৰি কলিয়াবৰৰ ৰাইজক সকাহ দিবলৈ দাবী জনাইছে। প্ৰতিবাদকাৰীসকলে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত,জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা,জল সম্পদ বিভাগৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰা এই প্ৰতিবাদৰ বাবেই উজনি-নামনিৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk