বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহত, এজনৰ অৱস্থা সংকটজনক

বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহত, এজনৰ অৱস্থা সংকটজনক

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই:–ভয়াবহ ৰূপত বৃদ্ধি পোৱা বানে এফালৰ পৰা বুৰাই পেলাইছে সমগ্ৰ ৰাজ্য। বানত ককবকাইছে জীৱকূলে। দিগবিদিক হেৰুৱাই ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বন্যপ্ৰাণী। বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যপ্ৰাণীৰ বাবে আতংকিত হৈ পৰিছে ৰাইজ। নগাঁৱৰ কেবাটাও স্থানত বাঘে সন্ত্ৰাস চলোৱাৰ বাতৰি আহিছে । নগাঁও ৰেঞ্জৰ অন্তৰ্গত জেঙনি অঞ্চলৰ (ধিং ৰাজহ চক্ৰৰ ধিং থানাৰ অন্তৰ্গত) জনবসতি প্ৰধান এলেকাত এটা বাঘে বিচৰণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বাঘটো আৰু স্থানীয় জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ (১) ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি উক্ত এলেকাত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাবেশ নিষিদ্ধ কৰা হৈছে । কোনো লোকে আগ্নেয়াস্ত্ৰ, মাৰাত্মক অস্ত্ৰ,ধনু-কাঁড় কঢ়িয়াই নিয়া নিষিদ্ধ কৰা হৈছে । বাঘটো বিচৰণ কৰি থকা স্থানত কোনো ধৰণৰ চিঞৰ-বাখৰ বা উচ্চ শব্দ কৰা বা আন কোনো ধৰণে শান্তি-শৃংখলা ভংগ কৰা কার্যও নিষিদ্ধ কৰা হৈছে। তদুপৰি যিকোনো ব্যক্তিৰ দ্বাৰা পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলক অসুবিধা সৃষ্টি কৰা কাৰ্য,প্ৰতিৰোধ প্ৰদান কৰা কাৰ্য নিষিদ্ধ কৰা হৈছে যাতে উক্ত বিষয়াসকলে বাঘটোক আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰে। আনহাতে বুধবাৰে নগাঁও জিলাৰ ডুমডুমীয়াৰ সমীপৱৰ্তী জেংগনীত পুৱাৰ পৰা সন্ত্ৰাস চলাই অহা বাঘটো অৱশেষত ট্ৰেন্কুইলাইজ কৰা হৈছে । নগাঁও জিলা বনৰক্ষী বিষয়াৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা এটি বনৰক্ষীৰ দলে ট্ৰেন্কুইলাইজ কৰে যদিও এতিয়াও আবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বাঘটো। উল্লেখ্য যে পুৱা বাঘটোৱে জেঙ্গনীৰ দুজন লোকক আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছিল। ইফালে ট্ৰেন্কুইলাইজ কৰাৰ পিছতো আতাবুৰ ৰহমান নামৰ আন এজন ব্যক্তিকো আক্ৰমন কৰে। ইফালে ধিঙৰ জেঙণি কলাডবাত ঢেকীয়াপটীয়া বাঘৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে ৰাইজ। বাঘৰ আক্ৰমণত ইতিমধ্যে দুজনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহত লোক কেইজন ক্ৰমে কলাডবাৰ আক্তাৰ উদ্দিন আৰু জেঙণিৰ আব্দুল আজিজ। আহত দুয়োজনকে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। কেমেৰাত বন্দী হৈছে স্থানীয় ৰাইজে বাঘ খেদাৰ ভয়ংকৰ দৃশ্য। বান বিভীষিকাৰ মাজতে বিহালীৰ ৰাংছালী-দলনিত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বাঘে আক্ৰমন কৰে এজন লোকক ৷ গছৰ ডাল কাটিবলৈ যোৱা অঞ্চলটোৰ মহম্মদ হুচেইন নামৰ এজন লোকজন বৰ্তমানেও সন্ধানহীন হৈ আছে ৷ মহম্মদ হুচেইনে লগত নিয়া দা খন উদ্ধাৰ হোৱাৰ সমীপতে বাঘৰ খোজ পৰিলক্ষিত হয়। বাঘৰ খোজৰ লগতে মানুহ চোঁচৰাই নিয়াৰ চিন স্পষ্টভাৱে দেখা পোৱা গৈছে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk