ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰিদৰ্শন ধিং সমষ্টিৰ বানক্ৰান্ত অঞ্চল

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰিদৰ্শন ধিং সমষ্টিৰ বানক্ৰান্ত অঞ্চল

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই :– শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰে ধিং সমষ্টিৰ জেঙনী,কলাডুবা,জাৰামাৰী,শ্লুইচ গেইট,ডুমডুমীয়া আদি কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে।

নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত এই চৰ চাপৰি অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি,বানত ক্ষতিগ্ৰস্ত কৃষকক চৰকাৰক ক্ষতিপূৰণ দিয়াৰ দাবী তোলে। ইফালে বিগত ২২ জুনত লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলত মাছ ধৰিবলৈ যোৱা জলিল উদ্দিন আৰু ছমিৰ উদ্দিন নামৰ দুই ভাই ককায়েকক ভুৱা এনকাউন্টৰ কৰা বন বিভাগকো কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে। লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বাঘে ধিঙত বিগত দহ দিনে আতংকৰ সৃষ্টি কৰা পাছটো বাঘটোক এই পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাটো লজ্জাজনক আখ্যা দিয়ে । বন বিভাগে ৰাইজৰ পৰা চান্দা বৰঙণি তুলি ছাগলী ক্ৰয় কৰি বাঘ ধৰিবলৈ লোৱা কাণ্ডকো সমালোচনা বিধায়ক গগৈৰ। বন বিভাগে মানুহক হত্যা কৰিব পাৰে যদিও কেবাজনো লোকক আঘাত কৰা এটা বাঘ বনাঞ্চললৈ খেদি পঠিয়াব নোৱাৰাত বন বিভাগৰ বিৰূদ্ধে ক্ষোভ উজাৰে বিধায়ক অখিল গগৈয়ে ।

লগতে চৰকাৰক সমালোচনা কৰি APSCৰ দৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা মুখ্যমন্ত্ৰীৰ এক পক্ষীয় সিদ্ধান্তকো সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে । আনহাতে আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছৰ লগত একেলগে নিৰ্বাচন খেলাৰ কথা পুনৰ দোহাৰিলে অখিল গগৈয়ে। সাম্প্ৰদায়িক বিজেপি আৰু এ আই ইউ ডি এফক পৰাস্ত কৰাই আমাৰ লক্ষ্য বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে । বিধায়ক গগৈয়ে ৰাইজৰ দলৰ মুখপাত্ৰ মেহেবুব মুক্তাৰক লগত লৈ ডুমডুমীয়া শ্লুইছ গেইটৰ পৰা নাঁৱত উঠি বানাক্ৰান্ত চৰাঞ্চল পৰিদৰ্শন কৰি অঞ্চলটোত উৎপাদিত মাকৈ,মৰাপাট আদি খেতিৰ খেতিয়কৰ বিস্তৰ ক্ষতি হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰক খেতিয়কক ক্ষতি পূৰণ দিবলৈ দাবী কৰে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk