নগাঁৱৰ বৰজহা নামঘৰৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা
হৰিনাম-ভাওনাৰে মুখৰিত কলঙৰ পাৰ
নিউজ ব্যুৰ’,নগাঁও,১২ জুলাই :–নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ বৰজহাৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা পৰ্বৰ শুক্ৰবাৰে নিশা সফলতাৰে সামৰণি পৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা পৰ্বৰ অন্তিমটো দিনৰ কাৰ্যসূচী অনুসৰি শুক্ৰবাৰে পুৱা ধৰ্মীয় শোভাযাত্ৰা, নাম-প্ৰসংগ,ভোগ বিতৰণৰ পাছত নিশালৈ “দ্ৰোণপৰ্ব” ভাওনাখনি পৰিবেশন কৰা হয়। পুৱাৰ ভাগত উলিওৱা বিশাল ধৰ্মীয় শোভাযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰে পথচাৰীৰ। কীৰ্ত্তনঘৰ পৰিচালনা সমিতিৰ সম্পাদক লক্ষ্যব্ৰত বৰঠাকুৰৰ নেতৃত্বত ৰূপায়িত ধৰ্মীয় শোভাযাত্ৰা কাৰ্যসূচীত অঞ্চলৰ পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজে জাতীয় সাজ-পাৰ পৰিধান কৰি অংশগ্ৰহণ কৰে। ইপিনে প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা বেলা সিংহাসন প্ৰতিষ্ঠা,দুপৰীয়া নাম-প্ৰসংগ, গোপাল ভোগ বিতৰণ আৰু সন্ধিয়ালৈ হ’বলগীয়া ভাওনাখনিৰ বাবে “বৰধেমালি” পৰিবেশন কৰা হয় ।



প্ৰথম দিনাৰ মূল কাৰ্যসূচী নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা বেবেজীয়াৰ সমীপৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ লাৰু গোস্বামীৰ উপস্থিতিত সম্পন্ন কৰা হয়। সহস্ৰাধিক লোকৰ সমাগম ঘটা সিংহাসন প্ৰতিষ্ঠাৰ প্ৰথম দিনৰ নাম-প্ৰসংগৰ আৰম্ভণিতে কীৰ্ত্তনঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ মজুমদাৰে বৰজহাৰ সংক্ষিপ্ত ইতিহাস সম্বলিত আদৰণী ভাষণ প্ৰদান কৰে। উল্লেখ্য যে,বৰজহাৰ কীৰ্ত্তনঘৰটি হৈছে এক প্ৰাচীন উপাসনা গৃহ। এই বৰজহাতেই মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য কেশৱচৰণ আতাই সত্ৰ স্থাপন কৰিছিল। মানৰ আক্ৰমণৰ সময়ত শিৱসাগৰ জিলাৰ দিখৌমুখৰ পৰা আহি এই গাঁৱৰ পূৰ্বজসকলে এই কলংপৰীয়া ঠাইখণ্ডত থিতাপি লৈছিলহি। বৰজহা গাঁৱৰ সন্মুখেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ সুঁতি কলঙেদি এসময়ত নাৰ মাছৰ বৰকৈ জহা আহিছিল আৰু ৰাইজে হেঁপাহ পলোৱাই মাছ ধৰি আপোন পাহৰা হৈছিল । সেইবাবেই এই গাঁৱৰ নাম “বৰজহা” হৈছিল। এই বৰজহাৰে কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটৰ সিংহাসন প্ৰতিষ্ঠা পৰ্বৰ দুদিনীয়া কাৰ্যসূচীয়ে পুনৰ উজ্বলাই তুলিলে বৃহত্তৰ অঞ্চলটোক। ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ অংশগ্ৰহণেৰে এক মহামিলনৰ থলীলৈ ৰূপান্তৰিত হৈ পৰে গাঁওখনি । ঋতু পৰ্ণ শৰ্মা,নগাঁও