নগাঁৱৰ কাছমাৰীত সাতদিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ সামৰণি
নিউজ ব্যুৰ’,নগাঁও,১২জুলাই:– কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰীৰ পলাশতলত সাতদিনীয়াকৈ আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ আজি সামৰণি পৰে।
এই উপলক্ষে কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰভাত বৰাই কয় যে বৃহত্তৰ অসমীয়া জাতি তথা জাতিটোৰ সাহিত্য,ভাষা-সংস্কৃতি আদিৰ গঠন,বিকাশ আৰু প্ৰসাৰত কোচ ৰাজবংশীসকলৰ গুৰুত্বপূৰ্ণ অৱদান,অপৰিসীম অৰিহণা আছে। নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক জয়ন্ত হাজৰিকাই উদ্দেশ্য ব্যাখ্য সামৰণি অনুষ্ঠানত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি খগেন্দ্ৰ জিৎ ঠাকুৰীয়া, প্ৰাক্তন সভাপতি দিলীপ কুমাৰ বৰা,যুৱ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ডেকা,অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদুম ৰাজখোৱা,জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাকে আদি কৰি বহু কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে,কাছমাৰী, পলাশতল,বাৰপূজীয়া,টকৌবাৰী অঞ্চলৰ কণ কণ শিশু,যুৱক-যুৱতী, বোৱাৰীসহ মুঠ ১২০গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই সাতদিনীয়া প্ৰশিক্ষণত ধুবুৰীৰ গৌৰীপুৰৰ শিল্পী জুমি সিংহৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কাছমাৰী পলাশতল মুকলি অনুষ্ঠিত সামৰণি অনুষ্ঠানটিত গৰীয়া মৰিয়া জাতীয় পৰিষদৰ সভাপতি জইন উদ্দিন আহমেদ, নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি অৰবিন্দ ডেকা,শিক্ষক নৰেন ডেকাকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থকা অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থীসকলে কাৰ্তিকা নৃত্য, কুশান নৃত্য,হুদুম নৃত্য,কোচ ৰাজবংশীয় ঢোল বাদন,বাঁহী বাদন পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে। ঋতু পৰ্ণ শৰ্মা,নগাঁও