চৰাইবাহীত মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানত প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ শিবিৰ

চৰাইবাহীত মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানত প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ শিবিৰ

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট:– শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ মাজত প্ৰাকৃতিক কৃষি পদ্ধতিৰ জৰিয়তে কৃষিকৰ্মৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ কৃষি পথাৰসমূহত কৃষকসকলে অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা ফলত কৃষিভূমিসমূহ নষ্ট হৈ পৰিছে ৷ সেয়ে কৃষি পথাৰসমূহ পুনজীৱিত কৰিবলৈ হ’লে প্ৰাকৃতিক কৃষি পদ্ধতিৰ বিকল্প নাই । সেয়ে মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই জিলাখনৰ চৰাইবাহী মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানত কৃষক সকলৰ মাজত প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ৷ মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া দ্বিবেন্দ্ৰ কুমাৰ হাজৰিকাই আঁত ধৰা প্ৰশিক্ষণ শিবিৰটিত প্ৰাকৃতিক কৃষি পদ্ধতি কি আৰু ইয়াক কেনেকৈ কৰা হয় তাৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায় মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ নৱদ্বীপ শইকীয়াই ৷ চৰাইবাহী অঞ্চলৰ প্ৰায় অৰ্ধশতাধীক কৃষক উপস্থিত থকা শিবিৰটোত মাটিৰ গুণাগুণৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায় মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ সৌৰভ বৰুৱাই ৷ চৰাইবাহীৰ মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ সভাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰটিত মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ অধ্যক্ষ মানস নাথ,সঞ্চালক ক্ৰমে দেৱ প্ৰসাদ খাটনিয়াৰ,অনুজ কুমাৰ নাথ, জোনমণি দেৱী আৰু ধৰ্মেশ্বৰী দেউৰী উপস্থিত থাকে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related