মুকালমুৱাত লোহাৰকাঠাত পাগলাদিয়া নৈত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা

মুকালমুৱাত লোহাৰকাঠাত পাগলাদিয়া নৈত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা

মুকালমুৱাৰ লোহাৰকাঠা পাগলাদিয়া নৈত পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতা। নাও খেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে লোকাৰণ্য পাগলাদিয়াৰ পাৰ।

নামনি অসমৰ জনপ্ৰিয় খেল হিচাপে জনাজাত নাওঁ খেল। মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈৰ পাৰত নাওঁ খেল চাবলৈ সমাগম হ’ল হাজাৰ হাজাৰ দৰ্শক। লোহাৰকাঠা পাগলাদিয়া নৈৰ বুকুত অনুষ্ঠিত হৈছে পৰম্পৰাগত নাওঁ খেলৰ প্ৰতিযোগিতা।

মুকালমুৱা লোহাৰকাঠা শইকীয়াপাৰা দীপজ্যোতি সংঘ ও পুথিভঁৰালৰ সৌজন্যত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিছে এই নাওঁ খেল প্ৰতিযোগিতাখন।

পাগলাদিয়া নৈত অনুষ্ঠিত কৰা নাওঁ খেল প্ৰতিযোগিতা খনত ভিন্ন প্ৰান্তৰ ১১খন নাও খেলৰ দলে অংশগ্ৰহণ কৰে।

নাও খেল প্ৰতিযোগিতা খনৰ আকৰ্ষণীয় ফাইনেল খেল খনত অংশ গ্ৰহণ কৰে “জোন তৰা” আৰু ” মা ৰূপহী” নামৰ নাওঁ খেলৰ দল দুটাই। প্ৰতিযোগিতাৰ ফাইনেল খেলত জয়লাভ কৰি প্ৰতিযোগিতা খনৰ খিতাপ অৰ্জন কৰে “মা ৰূপহী” নামৰ নাওৰ দলটিয়ে।

অঞ্চলটোত নাও খেলৰ বাবে আছে বিশেষ সুনাম। সেয়েহে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে পৰম্পৰাগত নাও খেল। নাও খেল উপভোগ কৰি আনন্দিত হৈ পৰে হাজাৰ হাজাৰ দৰ্শক।।

GTM Desk

Related