ঘোষণা হ’ল ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বহু অপেক্ষিত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ সময়সূচী

ঘোষণা হ’ল ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বহু অপেক্ষিত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ সময়সূচী

পূৰ্বেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰিয়েই অহা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লিখিত পৰীক্ষাসমূহ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা এক জাননী অনুসৰি ১৫ ছেপ্টেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ তৃতীয় বৰ্গৰ HSSLC পৰ্যায়ৰ তৃতীয়খন কাকতৰ লিখিত পৰীক্ষা অনুস্থিত হ’ব।

স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থখন কাকতৰ লিখিত পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব। একেদিনাই HSLC পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দ্বিতীয়াৰ্ধত দিনৰ ১-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ অনুষ্ঠিত হ’ব।

সেইদৰে ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ HSLC পৰ্যায়ৰ (ITI উত্তীৰ্ণৰ) প্ৰথমখন কাকতৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১-৩০ বজালৈ আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণৰ দ্বিতীয়খন কাকতৰ পৰীক্ষা দিনৰ ১-৩০ বজাৰ পৰা বিয়লী ৪ বজালৈ অনুষ্ঠিত হ’ব।

GTM Desk

Related