কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অসম ভ্ৰমণ, চিৰাং জিলাৰ উন্নয়ন প্ৰকল্প আৰু আঁচনি পৰিদৰ্শন

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অসম ভ্ৰমণ, চিৰাং জিলাৰ উন্নয়ন প্ৰকল্প আৰু আঁচনি পৰিদৰ্শন

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে অসমৰ চিৰাং জিলা ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিৰ শেহতীয়া স্থিতি আৰু অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

বৃহস্পতিবাৰে ড মুৰুগানে উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা (প্ৰাথমিক আৰু মাধ্যমিক), ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী, জনস্বাস্থ্য কাৰিকৰী (পিএইচই), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি,  লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি), সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, উদ্যোগ আৰু বাণিজ্য আৰু মীন বিভাগৰ লগতে অন্যান্য মূল বিভাগসমূহৰ শেহতীয়া স্থিতিৰ মূল্যায়নত গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত নিযুত মইনা, পিএম পোষণ, জলসিঞ্চন আঁচনিৰ দৰে বিভিন্ন আঁচনিৰ সম্যক পর্যালোচনা কৰা হয়। আলোচনাত নাবাৰ্ড, এক জিলা এক সামগ্ৰী পদক্ষেপৰ লগতে আন কেতবোৰ কাৰ্যসূচীও সামৰি লোৱা হয়। বৈঠকত ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি যেনে-মিছন ভূমিপুত্ৰ, অমৃত বৃক্ষ আন্দোলন, অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণ আদিৰো মূল্যায়ন কৰা হয়। বৈঠকত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বিশেষ শিবিৰ আয়োজন কৰি হ’লেও প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

বৈঠকত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, চিৰাঙৰ জিলা আয়ুক্ত ধনঞ্জয় বসুমতাৰীকে ধৰি বিভিন্ন বিভাগীয় মুৰব্বী উপস্থিত থাকে।

শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে মাদংগাত থকা হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কয় যে এই প্ৰকল্পই অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে বিটিচিত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’লে ই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব। তেওঁ লগতে কয় যে প্ৰায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্প দুবছৰৰ ভিতৰত কাৰ্যক্ষম হোৱাৰ আশা কৰা হৈছে।

ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে চিৰাঙৰ ছেৰফাংগুৰিস্থিত নেচনেল মিছন অন ইডিবল অইল (এমএনইঅ’-অ’পি)ৰ অধীনস্থ অইল পাম স্থানো পৰিদৰ্শন কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শান্তিপুৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ নিৰ্মাণস্থলীও পৰিদৰ্শন কৰে। পশ্চিম চিলপতাৰ এটা অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শনৰ সময়ত ড° মুৰুগানে “বিকশিত ভাৰত, এক পে়ড় মা কে নাম” পদক্ষেপৰ অংশ হিচাপে এটা গছপুলি ৰোপণ কৰে। তেওঁ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) আৰু স্থানীয় প্ৰশাসনকো সংহত শিশু উন্নয়ন সেৱা (আইচিডিএছ) কাৰ্যসূচী ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰশংসা কৰে।

ইয়াৰ পূৰ্বে ড মুৰুগানে চিৰাঙৰ ডংগাগাঁও-কাজলগাঁৱত থকা সখী ৱান ষ্টপ চেণ্টাৰত উপস্থিত হৈ  সখীসকলৰ লগতে অন্যান্য বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। সখী কেন্দ্ৰৰ লক্ষ্য হৈছে হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত মহিলাসকলক সবলীকৰণ আৰু বিশেষ সেৱাৰ দ্বাৰা তেওঁলোকক সহায় কৰা। আইনী সাহায্য আৰু পৰামৰ্শকে ধৰি ইয়াৰ বিস্তৃত সহায়ক সেৱাসমূহৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে এই কেন্দ্ৰটোক “পীড়িত মহিলাসকলৰ বাবে আশাৰ কিৰণ” বুলি উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে ভাৰত-ভূটান সীমান্তৰ সমীপৰ চিৰাঙৰ হাতীছাৰ এম ই স্কুলৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে কোকৰাঝাৰৰ সৈতে ভূটান সংযোগী নতুন ৰে’ল প্ৰকল্পৰ কাম অতি সোনকালে আৰম্ভ হ’ব। অদূৰ ভৱিষ্যতৰ বাবে আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ অৱগত কৰে।

ভ্ৰমণকালত ড মুৰুগানে পিএম কিষাণ সন্মান নিধি (পিএম কিষান) আৰু প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা (পিএমএফবিৱাই) আঁচনিৰ অধীনত কৃষকৰ সৈতে মত বিনিময়  কৰি এই পদক্ষেপসমূহৰ ওপৰত মূল্যৱান মতামত লাভ কৰে।

মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতি পুনৰীক্ষণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত প্ৰতি ১৫ দিনৰ মূৰে মূৰে এজন কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লোৱা সিদ্ধান্তৰ অংশ।

GTM Desk

Related