30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

মুছলিম যুৱতীয়ে দাহ কৰিলে হিন্দু যুৱকৰ মৃতদেহ

Assamese Newsমুছলিম যুৱতীয়ে দাহ কৰিলে হিন্দু যুৱকৰ মৃতদেহ

গুৱাহাটী: তেজৰ সম্পৰ্কতকৈও গাঢ় হয় কিছুমান হৃদয়ৰ সম্পৰ্ক৷

তাকেই যেন প্ৰমাণ কৰিলে শিৱসাগৰৰ মুস্কান বেগমে৷

এজনী ইছলামধৰ্মী ছোৱালী হৈয়ো শ্মশানত এজন হিন্দু যুৱকক অন্তিম সংস্কাৰ কৰে মুস্কানে৷

তেজৰ সম্পৰ্ক নথকা পিতৃমাতৃৰ মৰমৰ পৰা বঞ্চিত এজন হিন্দু যুৱকক ভাতৃ পাতি লৈছিল মুস্কানে৷

কিন্ত হঠাৎ আহিল সেই দুঃসংবাদটো৷ মুস্কানে পাতি লোৱা ভায়েকজনৰ মৃত্যু হয়৷ মূৰত সৰগ ভাগি পৰিল মুস্কানৰ৷

সদায় সুখেদুখে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া মুস্কানে অৱশেষত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে৷

শ্মশানত উপস্থিত হৈ মুস্কানে ভায়েকৰ মুখাগ্নি কৰি কথা ৰাখিলে৷

ছ’চিয়েল মিডিয়াত নিজেই এই কথা শ্বেয়াৰ কৰিছে মুস্কানে৷

ৰক্ষণশীলতাৰ বিপৰীতে এজনী ইছলামধৰ্মী ছোৱালী হৈ দেখুৱালে মহানুভৱতা৷

সকলোৱে মুস্কানৰ এই সাহসক শলাগিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!