সীমা বিবাদ : দিছপুৰত মেঘালয়ৰ মুখ্যমন্ত্রীৰে বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰে বৈঠকত মিলিত হ’ল হিমন্ত বিশ্ব শৰ্মা । বিগত কাৰ্যকালত দায়িত্ব লোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ মীমাংসা কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল । আনহাতে এইক্ষেত্রত সফলতাও লাভ কৰিছিল । বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰে থকা বিবাদিত অঞ্চলৰ বহুকেইটা বিবাদ মীমাংসা কৰা হৈছিল ।
শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । বৈঠকত আলোচিত হয় অসম-মেঘালয়ৰ সীমা সমস্যাকে ধৰি বিভিন্ন আন্তঃৰাজ্যিক বিষয় ।
দিছপুৰৰ লোকসেৱা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী (Himanta Biswa Sarma fb account)
এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্রীয়ে কয়, ‘‘ভাৰতৰ অষ্টলক্ষ্মীৰ অন্যতম মূল অংশীদাৰ অসম আৰু মেঘালয় । আজি লোকসেৱা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক আদৰণি জনাবলৈ পাই আমাৰ আনন্দিত হৈছোঁ । সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎকালত অসম-মেঘালয় সীমান্ত বিষয়কে ধৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত এক গঠনমূলক আলোচনা কৰা হয় । এই আলোচনাত বহুদিনীয়া কিছুমান গুৰুত্বপূর্ণ বিষয়ত ইতিবাচক অগ্ৰগতি আৰু সীমান্ত নিৰ্ধাৰণ প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰি এই সমস্যাৰ এক স্থায়ী সমাধানৰ দিশে আগবাঢ়িবলৈ আমি একমত হওঁ । ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনাৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ অধিক ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহো অন্বেষণ কৰি আছে । এই আলোচনা দুয়ো চুবুৰীয়া ৰাজ্যৰ মাজত শান্তি, পাৰস্পৰিক সন্মান আৰু সহযোগিতামূলক ব্যৱস্থাৰ প্ৰতি থকা দৃঢ় অংগীকাৰৰ প্ৰতিফলন । এই ধাৰা অব্যাহত ৰাখি সকলো অমীমাংসিত বিষয় আলোচনাৰ জৰিয়তে সমাধানৰ বাবে আমি পুনৰ দৃঢ় সংকল্প গ্ৰহণ কৰোঁ । বিশ্বাস, সম্প্ৰীতি আৰু উন্নয়নৰ এই বান্ধোন ভৱিষ্যতৰ দিনত আৰু অধিক শক্তিশালী হৈ থাকিব ।’’
It was an honour to welcome the enterprising Chief Minister of Meghalaya and my dear brother Shri @SangmaConrad ji to Lok Sewa Bhawan today.
We had an excellent discussion and have made some good progress on long standing legacy issues. On the boundary demarcation process, we… pic.twitter.com/JcPgwV0ruT
— Himanta Biswa Sarma (@himantabiswa) May 29, 2026
আনহাতে সামাজিক মাধ্যমযোগে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰি লাপাংগাপবাসী ৰাইজে সন্মুখীন হোৱা উদ্বেগ আৰু চুবুৰীয়া গাঁওসমূহৰ মাজত থকা উত্তেজনাৰ বিষয়ে আলোচনা কৰো । উত্তেজনা লাঘৱ কৰাৰ লগতে শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ ব্যৱস্থাৰ ওপৰত আমাৰ গঠনমূলক আলোচনা হয় । মেঘালয় আৰু অসম উভয় পক্ষৰ বাসিন্দাসকলক শান্তি বজাই ৰাখিবলৈ আমি আহ্বান জনাইছো । আমি সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছো । সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ স্বাৰ্থত, ভৱিষ্যতে আমাৰ উদ্বেগসমূহ যৌথভাৱে সম্বোধন কৰি উত্তেজনা হ্ৰাস কৰাৰ দিশত একেলগে কাম কৰাৰ আশ্বাস দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমি কৃতজ্ঞ ।’’
Met with the Hon’ble Chief Minister of Assam, Dr. @himantabiswa ji, to discuss the concerns faced by residents of Lapangap and the tensions between the neighbouring villages. We had a constructive discussion on measures to ease tensions and maintain peace and law and order. Urge… pic.twitter.com/rWJCvZlD13
— Conrad K Sangma (@SangmaConrad) May 29, 2026
বৈঠকত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী স্নিয়াওভালাং ধৰৰ লগতে ৰাজ্যখনৰ অহা এটি উচ্চস্তৰীয় প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, অসম আৰু মেঘালয়ৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ পৰ্যায়ক্ৰমে মীমাংসাৰ দিশে গতি কৰিছে । ইতিমধ্যে ১২টা বিবাদৰ ভিতৰত ছটা বিবাদৰ মীমাংসা হৈছে আৰু বাকী থকা ছটা বিবাদ মীমাংসা কৰাৰ বাবে অব্যাহত আছে আলোচনা প্ৰক্ৰিয়া । বাকী থকা ছটা বিবাদ মীমাংসা কৰাৰ বাবে ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত কেইবালানি আলোচনা অনুষ্ঠিত হৈছিল ।
তদুপৰি দুয়োখন ৰাজ্যৰ চৰকাৰে বিবাদ মীমাংসাৰ বাবে গঠন কৰি দিয়া মন্ত্রী পৰ্যায়ৰ আঞ্চলিক সমিতিয়েও ক্ষেত্রভিত্তিক পৰ্যালোচনাৰে আলোচনা অব্যাহত ৰাখিছে । প্ৰথম পৰ্যায়ত ২০২২ চনৰ ২৯ মাৰ্চত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বিবাদমান ছটা এলেকাৰ ক্ষেত্রত সহমতত উপনীত হৈ চুক্তিত স্বাক্ষৰ কৰিছিল । প্ৰথম পৰ্যায়ত ছয়টা স্থান ক্ৰমে দিছপুৰ বিধানসভা সমষ্টিৰ পিলিংকটা, বকো সমষ্টিৰ হাঁহিম, গিজাং আৰু তাৰাবাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বাকৰাপাৰা আৰু কাছাৰৰ কাটিগড়া সমষ্টিৰ তাৰাচোৰ এলেকাৰ সীমা বিবাদ নিষ্পত্তি কৰা হৈছিল । ইয়াৰ পাছত ৰৈ যোৱা বাকী ছয়টা অঞ্চলৰ বাবে পুনৰ দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত আঞ্চলিক কমিটীৰ বৈঠকসমূহ অনুষ্ঠিত হৈছিল । আঞ্চলিক কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত লাম্পি, বৰদুৱাৰ আৰু দেছ ডুমৰীয়াৰ বিবাদ নিষ্পত্তি হোৱাৰ দিশে অগ্ৰসৰ হৈছে ।
আনহাতে, মীমাংসা নোহোৱাকৈ আছে কাৰ্বি আংলং জিলাৰ ব্লক -১, ব্লক-২ আৰু খান্দুলি এলেকাৰ সীমা বিবাদ । দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পুনৰ চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ মীমাংসা কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে । যাৰ বাবে শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্রীৰে আলোচনাত মিলিত হয় ।