মুম্বাইত কৰ্মৰত অসমৰ ডেইজী শইকীয়াই বৰ্তমান যাৱতীয় চিকিৎসা পাইছেঃ ড০ হিমন্ত বিশ্ব শৰ্মা

মুম্বাইত কৰ্মৰত অসমৰ ডেইজী শইকীয়াই বৰ্তমান যাৱতীয় চিকিৎসা পাইছেঃ ড০ হিমন্ত বিশ্ব শৰ্মা

ডেইজী শইকীয়াৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেৰ সৈতে বাৰ্তালাপ কৰা বুলি জনাইছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । লগতে মন্ত্ৰী আদিত্য থাকৰেই ডেইজীৰ সৈতে নিজে টেলিফোনত বাৰ্তালাপ কৰি স্বাস্থ্যৰ বুজ লোৱা বুলিও তেওঁ মন্তব্য কৰে ।

স্বাস্থ্যমন্ত্ৰীগৰীকায়ে সংবাদ মাধ্যমৰ আগত কয়- “ডেইজী শইকীয়াৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেৰ সৈতে মই নিজে বাৰ্তালাপ কৰিছোঁ । ডেইজী বৰ্তমান হাস্পতালত আছে । দেওবাৰে আমাৰ কাৰ্যালয়ৰ পৰা খবৰ কৰোতে ডেইজীয়ে এতিয়া যাৱতীয় চিকিৎসা পোৱা বুলি জনাইছে । কিন্তু মুম্বাইৰ পৰিস্থিতি যথেষ্ট ভয়ংকৰ । গতিকে মহাৰাষ্ট্ৰৰ পৰিৱেশ চাই তাৰ চৰকাৰে যিমান পাৰে অসমৰ লোকসকলৰ ব্যৱস্থা লৈছে বুলি জনাইছে ।”

উল্লেখ্য যে অসমৰ ডেইজী শইকীয়া মুম্বাইৰ পি ডি হিন্দুজা হাস্পতালত এগৰাকী নার্ছ হিচাপে কর্মৰত ৷

অধিক পঢক নিয়মীয়া বাৰ্তাত

Shahnawaz Hamza