ডেইজী শইকীয়াৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেৰ সৈতে বাৰ্তালাপ কৰা বুলি জনাইছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । লগতে মন্ত্ৰী আদিত্য থাকৰেই ডেইজীৰ সৈতে নিজে টেলিফোনত বাৰ্তালাপ কৰি স্বাস্থ্যৰ বুজ লোৱা বুলিও তেওঁ মন্তব্য কৰে ।
স্বাস্থ্যমন্ত্ৰীগৰীকায়ে সংবাদ মাধ্যমৰ আগত কয়- “ডেইজী শইকীয়াৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেৰ সৈতে মই নিজে বাৰ্তালাপ কৰিছোঁ । ডেইজী বৰ্তমান হাস্পতালত আছে । দেওবাৰে আমাৰ কাৰ্যালয়ৰ পৰা খবৰ কৰোতে ডেইজীয়ে এতিয়া যাৱতীয় চিকিৎসা পোৱা বুলি জনাইছে । কিন্তু মুম্বাইৰ পৰিস্থিতি যথেষ্ট ভয়ংকৰ । গতিকে মহাৰাষ্ট্ৰৰ পৰিৱেশ চাই তাৰ চৰকাৰে যিমান পাৰে অসমৰ লোকসকলৰ ব্যৱস্থা লৈছে বুলি জনাইছে ।”
উল্লেখ্য যে অসমৰ ডেইজী শইকীয়া মুম্বাইৰ পি ডি হিন্দুজা হাস্পতালত এগৰাকী নার্ছ হিচাপে কর্মৰত ৷