Assam State Civilian Awards :আজি প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা

Assam State Civilian Awards :আজি প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা

আজি প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই বঁটা। ডাঃ তপন শইকীয়াক প্ৰদান কৰা হ’ব অসম বৈভৱ বঁটা। উত্তৰ–পূবত কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিৰ চেষ্টা চলাই আহিছে শইকীয়াই।

কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, ডাঃ শশীধৰ ফুকন, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়াক প্ৰদান কৰা হ’ব অসম সৌৰভ বঁটা। আনহাতে, শ্মশান বন্ধু ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী, শীলা গোৱালা, ডাঃ যোগেশ দেউৰী, পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, ড০ ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হ’ব। শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি ৪ বজাত প্ৰদান কৰিব এই বঁটাসমূহ।

GTM Desk