24.7 C
Assam
Sunday, December 4, 2022

Featured News

17 Gold coins found while digging borewell….

Around 18 gold coins were found in...

আঙুলিৰে নাক খজুৱাই নেকি? শীঘ্ৰে এই কুভ্যাস পৰিত্যাগ কৰক…

আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো...

Assam Police arrest three persons in Nagaon, recover 7.65mm pistol, brown sugar

Assam Police arrested three persons and recovered...

অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

Assamese Newsঅসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী
অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে ৰাজ্যখনৰ চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাই আজি সোণাৰিত সংঘৰ সোণাৰি শাখাৰ উদ্যোগত এক এঘন্টিয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। আজি দিনৰ প্ৰায় ১২ বজাত সোণাৰি শাখা সংঘৰ অধীনস্থ বিভিন্ন চাহ বাগিচাৰ পৰা অহা চাহ শ্ৰমিক সকলে সংঘৰ কাৰ্য্যালয়ৰ প্ৰাংগণত সমবেত হয়। পৰৱৰ্তী সময়ত হাতে হাতে প্লে কাৰ্ড, বেনাৰ আদি লৈ শ্ৰমিক সকলে সমদল কৰি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সমবেত হৈ ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰে।
আন্দোলনকাৰী সকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ জনগোষ্ঠীৰ লোক সকলক স্বায়ত্বশাসন প্ৰদান কৰা, চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰা, ক্ষুদ্ৰ চাহ বাগিচা সমূহত কাম কৰা শ্ৰমিক সকলক নিম্নতম মজুৰি প্ৰদান কৰা, জনগোষ্ঠীটোৰ শিক্ষিত যুৱক যুৱতী সকলক নিযুক্তি দিয়া, চাহ বাগিচাৰ বিদ্যালয় সমূহৰ চৰকৰীকৰণ কৰা, বছৰ বছৰ ধৰি অনাদায় হৈ থকা চাহ নিগমৰ বাগিছাৰ শ্ৰমিকৰ ভৱিষ্যত নিধিৰ ২৪০ কোটি টকা শীঘ্ৰে নিৰ্দিষ্ট শিতানত জমা দিয়া, অনাদায় হৈ থকা গ্ৰেচুইটিৰ ধন আদায় দিয়া, অসম চাহ নিগমৰ ২৪ খন চাহ বাগিচা পুনৰ জীৱিতকৰণৰ ব্যৱস্থা কৰাকে আদি কৰি এঘাৰ দফীয়া দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অন্তত চৰাইদেউ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

Dainik Janambhumi

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: