বান বিভীষিকাৰ পৰা অসমক মুক্ত কৰাৰ প্রতিশ্রুতি

0 min read

বিভীষিকাময় বানৰ কবলৰ পৰা ৰাজ্যবাসীক উদ্ধাৰ কৰা আৰু সংশোধিত এন আৰ চিৰ জৰিয়তে বিবাদৰ মীমাংসা কৰি সুৰক্ষিত অসম গঢ়াৰ প্রতিশ্রুতিৰে মঙলবাৰে বিজেপিয়ে প্রকাশ কৰিলে নির্বাচনী ইস্তাহাৰ৷ আত্মনির্ভৰ অসমৰ বাবে ১০টা সংকল্প লৈ প্রস্তুত কৰা বিজেপিৰ ‘সংকল্পপত্র’খন আজি মহানগৰীৰ তাজ ভিভাণ্টা হোটেলত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে দলটোৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ এক আড়ম্বৰপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত এই সংকল্পপত্র উন্মোচন কৰি জে পি নাড্ডাৰ ঘোষণা– অসমক অধিক গতিশীল আৰু সুৰক্ষিত কৰাৰ স্বার্থত বিজেপিয়ে ১০টা সংকল্পৰে এইবাৰ ৰাইজৰ ওচৰত থিয় হৈছে৷ জাতি–মাতি–ভেটি সুৰক্ষাৰ পূর্বৰ যি প্রতিশ্রুতি আছিল সেই প্রতিশ্রুতি কার্যকৰী কৰাত সফল হোৱা বিজেপিয়ে ১০টা সংকল্পৰে এইবাৰ ৰাজ্যবাসীক অধিক সুৰক্ষিত কৰাৰ দিশত আগবাঢ়িছে৷

উল্লেখ্য যে প্রথম পর্যায়ৰ নির্বাচনলৈ তিনিটা দিন বাকী থকা অৱস্থাত মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা বিজেপিৰ সংকল্পপত্রত সর্বাধিক গুৰুত্ব প্রদান কৰা হৈছে বানৰ পৰা ৰাজ্যবাসীক মুক্ত কৰাৰ ওপৰত৷ ১০টা সংকল্পৰ ভিতৰত বান বিভীষিকাক আগস্থান দি আজিৰ ঘোষণাপত্রত বিজেপিয়ে উল্লেখ কৰিছে যে বছৰি বিভীষিকাময় বানপানীৰ ফলত হোৱা জীৱন–জীৱিকা–সম্পত্ বিস্তৰ ক্ষয়–ক্ষতিৰ পৰা অসমৰ জনগণক মুক্ত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হ’ব মিছন ব্রহ্মপুত্র৷ বান নিয়ন্ত্রণৰ এই পৰিকল্পনাত অন্তর্ভুক্ত হৈ থাকিব শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ বুকু খনন প্রক্রিয়া৷ তদুপৰি ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ অতিৰিক্ত জলৰাশি সংৰক্ষণ কৰাৰ বাবে নির্মাণ কৰা হ’ব বিশাল জলভাণ্ডাৰ৷

আনহাতে এন আৰ চি সম্পর্কত বিজেপিয়ে সংকল্পপত্রত উল্লেখ কৰিছে যে সংশোধিত এন আৰ চিৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশত চলা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ব্যৱস্থাক অধিক শৃংখলাকৃত ৰূপত সংশোধন কৰা আৰু সকলো বিবাদৰ সমাপ্তিৰ প্রক্রিয়া হাতত লোৱা হ’ব যাতে প্রকৃত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত হয় আৰু অবৈধ প্রব্রজনকাৰীৰ নাম তালিকাৰ পৰা বাদ দিব পৰা যায়৷ ইফালে, ইস্তাহাৰত অৰুণোদয় আঁচনিৰ মাহিলি ধনৰাশি ৩,০০০ টকা পর্যন্ত বৃদ্ধিৰ প্রতিশ্রুতি দিলে বিজেপিয়ে৷ অসমৰ ৩০ লাখ পৰিয়ালক সামৰি লোৱা এই অৰুণোদয় আঁচনিত প্রদান কৰি অহা ৮৩০ টকা ৩,০০০ টকালৈ পর্যায়ক্রমে বৃদ্ধি কৰা হ’ব বুলি প্রতিশ্রুতি দিলে বিজেপিয়ে৷ ১০টা সংকল্পৰ ভিতৰৰ অন্যতম হৈছে– নামঘৰ সুদৃঢ়কৰণ আৰু সত্রৰ অধিকাৰ সুৰক্ষিত কৰা৷ বিজেপিয়ে আজি সংকল্পপত্রত এইবুলিও প্রতিশ্রুতি দিছে যে সত্রৰ ভূমি আৰু জনজাতীয় উপাসনাস্থলী অবৈধ বেদখলকাৰীৰ পৰা পুনৰ উদ্ধাৰ কৰিবলৈ এটা টাস্ক ফ’চ গঠন কৰা হ’ব৷ তদুপৰি সকলো নামঘৰ আৰু জনজাতীয় উপাসনাস্থলীলৈ ২.৫ লাখ টকা পর্যন্ত সাহায্য আগবঢ়োৱা হ’ব৷ ৰাজ্যৰ শিশুসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্রতিশ্রুতি দিয়া বিজেপিয়ে শিশু উন্নয়ন অভিযান নামেৰে এক অভিযান আৰম্ভ কৰিব৷ এই অভিযানৰ জৰিয়তে অষ্টম শ্রেণীৰ পৰা সকলো বিদ্যালয়ৰ ছাত্র–ছাত্রীক বিনামূলীয়া চাইকেল প্রদান কৰা হ’ব৷

আনহাতে ৰাজ্যৰ শাসকীয় দলটোৱে সমষ্টিৰ সীমা নির্ধাৰণৰ প্রতিশ্রুতিও দিছে৷ ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্রদানৰ লক্ষ্যৰে সমষ্টি পুনৰ নির্ধাৰণৰ বাবে বিজেপিয়ে গ্রহণ কৰিব পদক্ষেপ৷ ইফালে, অত্যাৱশ্যকীয় সামগ্রী উৎপাদনেৰে অসমক আত্মনির্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে ‘অসম আহাৰ আত্মনির্ভৰশীল আঁচনি’ হাতত ল’ব দলটোৱে৷ ইয়াৰ জৰিয়তে অত্যাৱশ্যকীয় খাদ্য–সামগ্রী বিশেষকৈ মীন, পক্ষীধন, গাহৰি আৰু উদ্যানশস্যৰ ক্ষেত্রত অসমক অহা পাঁচ বছৰৰ ভিতৰত সুনিশ্চিতভাৱে আত্মনির্ভৰশীল কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ আজি ১০টা সংকল্পৰ জৰিয়তে বিজেপিয়ে ২ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্রদানৰ প্রতিশ্রুতি দিলে৷ ইয়াৰে ১ লাখ চাকৰি ২০২২ চনৰ ৩১ মার্চৰ ভিতৰত প্রদান কৰা হ’ব৷ তদুপৰি বিজেপিয়ে ব্যক্তিগত খণ্ডতো ৮ লাখ জীৱিকাৰ সুবিধা প্রদান কৰিব৷ স্বয়ম আঁচনিৰ জৰিয়তে ১০ লাখ যুৱ উদ্যমী সৃষ্টি কৰাৰ লগতে পৰৱর্তী পাঁচ বছৰত ২ লাখ যুৱকক প্রতিবছৰে সহযোগিতা আগবঢ়োৱা হ’ব৷ বিজেপিৰ অন্যতম প্রতিশ্রুতি হ’ল অসমৰ নাগৰিকক ভূমিৰ অধিকাৰ প্রদান৷ ৰাজ্যৰ সকলো ভূমিহীন নাগৰিকক পর্যায়ক্রমে প্রদান কৰা হ’ব মাটিৰ পট্টা৷ আজি সংকল্পপত্র উন্মোচন কৰি জে পি নাড্ডাই কয় যে অসমৰ সভ্যতা–সংস্কৃতিক সংৰক্ষণ কৰাৰ বাবে বিজেপি সদায়েই প্রতিশ্রুতিবদ্ধ৷ সেই অনুসৰিয়েই যোৱা ৫ বছৰে নিকা আৰু স্বচ্ছতাৰে বিজেপিয়ে কাম কৰি আহিছে৷

ইফালে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈ সৰৱ হৈ পৰা জে পি নাড্ডাৰ মন্তব্য– অসম বুলি ক’লে শ্রীমন্ত শংকৰদেৱ, ড০ ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈৰ কথা মনলৈ আহে৷ কিন্তু এই মহান ব্যক্তিসকলৰ বিপৰীতে কংগ্রেছে অসমৰ পৰিচয় বদৰুদ্দিন আজমলৰ জৰিয়তে দিব বিচাৰিছে৷ আজমল কেতিয়াও অসমৰ পৰিচয় হ’ব নোৱাৰে৷ অসমীয়া ৰাইজে আজমলক কেতিয়াও গ্রহণ নকৰে৷ বিগত ৬০ বছৰে সমাজক শোষণ কৰা কংগ্রেছে এআইইউডিএফৰ সৈতে মিত্রতা কৰি অসমীয়া সমাজলৈ এক কু–সংকেত কঢ়িয়াই আনিছে৷ ইফালে ‘কা’ৰ প্রসংগত আজি ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কয়– ‘কা’ সংসদে অনুমোদন কৰা আইন, দেশত এই আইন বলৱৎ হ’বই৷ কংগ্রেছ শাসনলৈ আহিলে অসমত ‘কা’ বলৱৎ হ’বলৈ নিদিয়ে বুলি দলটোৰ নেতাসকলে দি অহা হুংকাৰক আঙুলিয়াই জে পি নাড্ডাৰ মন্তব্য– কংগ্রেছৰ জ্ঞান কিমান সীমিত সেয়া আমি বিচাৰ কৰিবলৈ নাযাওঁ৷ কিন্তু সংসদে পাৰিত কৰা এখন আইন ৰাজ্যই বলৱৎ কৰিবলৈ বাধ্য৷ এই জ্ঞান কংগ্রেছৰ নেতাসকলৰ নথকাটো দুর্ভাগ্যজনক৷ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কয় যে কংগ্রেছে অসমলৈ অবৈধ প্রব্রজনত সদায় বৰঙণি যোগাই আহিছে৷

ইয়াৰ বিপৰীতে বিজেপি একমাত্র শক্তি যিয়ে অবৈধ প্রব্রজনৰ বিৰুদ্ধে হেঙাৰ হৈ থিয় দিছে৷ যোৱা পাঁচ বছৰত সীমান্ত ছীল কৰাই নহয় অত্যাধুনিক প্রযুক্তিৰে সীমান্তত প্রব্রজন ৰোধৰ চেষ্টা চলাই থকা হৈছে৷ শেহতীয়াকৈ কংগ্রেছৰ একাংশ নেতাই চাহ বাগিচাৰ শ্রমিকক লৈ ব্যস্ত হৈ পৰা বিষয়টোক লৈও আজি জে পি নাড্ডাই কটাক্ষ কৰে৷ তেওঁ কয় যে বিগত ৬০ বছৰে কংগ্রেছে চাহ বাগিচাৰ শ্রমিকৰ বাবে একোৱেই নকৰিলে৷ বিজেপি চৰকাৰে ৭ লাখতকৈও অধিক চাহ শ্রমিকৰ বেংক একাউণ্ট খুলি দিলে আৰু এই বেংক একাউণ্টত দুটা পর্যায়ত ৮,০০০ টকাকৈ ধন জমা কৰাই দিলে৷ চাহ শ্রমিকসকলৰ বাবে বিজেপি চৰকাৰৰ দিনতে ম’বাইল মেডিকেল ইউনিট আৰম্ভ হ’ল৷ কংগ্রেছৰ নেতাসকলৰ চাহ শ্রমিকৰ প্রতি উথলি উঠা এই প্রেম যে নির্বাচনকেন্দ্রিক, সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো এতিয়া অফ ছিজন৷ এই সময়ত চাহপাত নোতোলে৷ কিন্তু কংগ্রেছৰ নেতাসকলে অফ ছিজনত চাহ বাগিচাত সোমাই পৰাটোৱে কি সূচাইছে? তেওঁলোকে আৰু এমাহ পিছত চাহপাত তুলিবলৈ আহক৷ আজিৰ এই সংকল্পপত্র উন্মোচনী অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী তথা অসমৰ নির্বাচনী তত্ত্বাৱধায়ক নৰেন্দ্র সিং টোমৰ, ড’নাৰ মন্ত্রী তথা নির্বাচনী সহঃ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা অসমৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী শ্বাহ নৱাজ হুছেইন, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, অসমৰ সহঃ প্রভাৰী পৱন শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷
বিজেপিত যোগ দিলে প্রাক্তন কংগ্রেছী বিধায়িকা ড০ মলয়া বর্মনে
প্রাক্তন বিধায়িকা তথা মহিলা কংগ্রেছৰ প্রাক্তন সভানেত্রী ড০ মলয়া বর্মনে মঙলবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ মলয়া বর্মনৰ লগতে প্রদেশ কংগ্রেছৰ প্রাক্তন সাধাৰণ সম্পাদক পৰাগ শর্মা, যুৱ নেতা ভাস্কৰজ্যোতি নাথেও বিজেপিত যোগদান কৰে৷ এই উপলক্ষে আজি খানাপাৰাস্থিত দলৰ নির্বাচনী কার্যালয়ত অনুষ্ঠিত যোগদানপর্ব অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে মলয়া বর্মনসহ আটাইকেইজনকে দলীয় গলবস্ত্র প্রদানেৰে দললৈ আদৰণি জনায়৷ অনুষ্ঠানত উপস্থিত থাকি দলৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই কয় যে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক স্বাভিমানী অসমীয়াই কেতিয়াও সহজভাৱে ল’ব নোৱাৰে৷ সেয়েহে কংগ্রেছৰে বহু স্বাভিমানী সদস্যই এই মিত্রতাৰ বিৰোধিতা কৰিছে৷ আনহাতে বিজেপিত যোগদান কৰি প্রাক্তন বিধায়িকা মলয়া বর্মনে কয় যে সমাগত নির্বাচনত কংগ্রেছৰ টিকট বদৰুদ্দিন আজমলৰ নির্দেশতহে প্রদান কৰা হৈছে৷ আজি যোগদান অনুষ্ঠানত ৰাষ্ট্রীয় মুখপাত্র এ কে শর্মা, ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল উপস্থিত আছিল৷

You May Also Like

More From Author