Advertisement

মহেন্দ্ৰ সিং ধোনীৰ ছবি তুলি অপমানিত হ’ল বিমান পৰিচাৰিকা

মহেন্দ্ৰ সিং ধোনীৰ ছবি তুলি অপমানিত হ’ল বিমান পৰিচাৰিকা

বিমানেৰে ৰাঁচীৰ পৰা আন এখন চহৰলৈ গৈ আছিল ধোনী। বিমানতে টোপনি গৈছিল ক্ৰিকেটাৰ গৰাকী। টোপনি গৈ থকাৰ অৱস্থাত মনে মনে মোবাইলত ধোনীৰ ছবি তুলিছিল এগৰাকী বিমান পৰিচাৰিকাই।
উল্লেখ্য যে, এই কাম কৰা বিমান পৰিচাৰিকাগৰাকী আছিল ধোনিৰ ডাঙৰ অনুৰাগী। কিন্তু কাৰোবাৰ গোপন মুহূৰ্তৰ ভিডিঅ’ লোৱাটো, তেওঁ যিমানেই ডাঙৰ চেলিব্ৰিটি নহওক কিয়, সেয়া সঠিক কাম নহয়।
ধোনীৰ এই ছবি ইন্টাৰনেটত বিয়পি পৰাৰ পিছতেই এতিয়া একাংশ লোকৰ সমালোচনা আৰু কটাক্ষৰ সমুখীন হৈছে বিমান পৰিচাৰিকাগৰাকী। বহুতেই প্ৰশ্ন তুলিছে যে এনেকৈ অনুমতি নোহোৱাকৈ গোপনে আনৰ ছবি তোলাৰ অধিকাৰ কোনে দিলে বিমান পৰিচাৰিকাগৰাকীক।

Shahnawaz Hamza

Related