UPSC পৰীক্ষাত উজলিল অসমৰ দুই সন্তানসহ উত্তৰ-পূৱৰ মুঠ ৬ পৰীক্ষাৰ্থী

1 min read

অৱশেষত ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগ বা ইউ পি এছ চিৰ ফলাফল। অসমৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে এই সন্মানীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁলোক হৈছে ক্ৰমে শিল্পা খনিক আৰু দেৱজ্যোতি বৰ্মন। সৰ্বভাৰতীয় ৰেংক অনুসৰি শিল্পা খনিকৰে ৫০৬ নম্বৰত স্থান লাভ কৰাৰ বিপৰীতে ৬৩৯ নম্বৰত স্থান লাভ কৰিছে দেৱজ্যোতি বৰ্মনে।

ইফালে, নাগালেণ্ডৰ দুগৰাকী পৰীক্ষাৰ্থীয়েও এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। ভিকু এল আচুমিয়ে ৫৬৭ আৰু ইমচেনাৰো ৱালিঙে ৫৮৭ ৰেংক লাভ কৰিছে।

মণিপুৰৰ পৰা ৱাইৰোকপাম পুনছিবা সিং আৰু মককমায়ম হোছনি মোবাৰকেও ক্ৰমে ২৩৮ আৰু ৫৭৫ ৰেংকেৰে ইউপিএছচি উত্তীৰ্ণ হৈছে।

মন কৰিবলগীয়া যে এই বছৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু জামিনী সিংগলাই। সম্পূৰ্ণ তালিকা upsc.gov.inৰ জৰিয়তে চাব পাৰিব। এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাৰ দপদপনি দেখিবলৈ পোৱা গৈছে।

You May Also Like

More From Author