চন্দ্ৰযান-৩য়ে প্ৰেৰণ কৰিছে পুনৰ চন্দ্ৰপৃষ্ঠৰ কেইবাখনো নতুন ফটো

চন্দ্ৰযান-৩য়ে প্ৰেৰণ কৰিছে পুনৰ চন্দ্ৰপৃষ্ঠৰ কেইবাখনো নতুন ফটো

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে ফটো কেইখন । চন্দ্ৰপৃষ্ঠত প্ৰত্যাশিত ছফ্ট লেণ্ডিঙৰ দুদিন পূৰ্বে এই ফটোবোৰ উন্মোচন কৰা হৈছে।

ইয়াৰ লগে লগে বিশ্বজুৰি বৈজ্ঞানিক মহলত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে ।লেণ্ডাৰ হেজাৰ্ড ডিটেকশন এণ্ড এডভাইডেন্স কেমেৰা (এলএইচডিএচি)ৰ জৰিয়তে লাভ কৰা ছবিবোৰে চন্দ্ৰৰ দূৰৰ এলেকাৰ এক স্পষ্ট আভাস প্ৰদান কৰিছে । ইছৰোৰ অধীনত স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ দ্বাৰা নিৰ্মিত এলএইচডিএচি হৈছে বিক্ৰম লেণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ উপাদান, যাৰ ফলত অৱতৰণ পৰ্যায়ত শিল বা গভীৰ ফাটবিহীন এক সুৰক্ষিত অৱতৰণ স্থান চিনাক্ত কৰা তত্বাৱধান কৰিব পাৰি । সংস্থাটোৱে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ কাৰিকৰী দক্ষতাৰ ওপৰত আলোকপাত কৰি এই তথ্য মুকলি কৰে।

সংস্থাই সামাজিক মাধ্যমত লিখিছে লেণ্ডাৰ হেজাৰ্ড ডিটেকশন এণ্ড এডভাইডেন্স কেমেৰাই সংগ্ৰহ কৰা চন্দ্ৰপৃষ্ঠ কিছু দূৰৰ ছবি শ্বেয়াৰ কৰা হৈছে । অৱতৰণৰ সময়ত যাতে শিল বা গভীৰ খাদৰ মুখামুখি হ’ব নালাগে আৰু এক সুৰক্ষিত স্থানত চন্দ্ৰযানক অৱতৰণ কৰিব পাৰি তাৰ বাবেই এই কেমেৰাটো এছএচিত ইছৰোৱে নিৰ্মাণ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

ইফালে বুধবাৰে সন্ধিয়া প্ৰায় ৬.০৪ বজাত চন্দ্ৰযানে চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰাৰ লক্ষ্য ৰাখিছে। যদি ইয়াত সফল হয় তেনেহ’লে আমেৰিকা যুক্তৰাষ্ট্ৰ, পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীনৰ পাছত চন্দ্ৰত সফল লেণ্ডিং কৰা ভাৰত অন্যতম ৰাষ্ট্ৰ হ’ব।

এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ সকলো বিদ্যালয় আৰু শিক্ষানুষ্ঠানক এই ঐতিহাসিক মুহূৰ্তত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱা হৈছে । প্ৰতিষ্ঠানসমূহক শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ মাজত এই অনুষ্ঠানটো সক্ৰিয়ভাৱে প্ৰচাৰ কৰিবলৈ আৰু চৌহদৰ ভিতৰত চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰীমিং আয়োজন কৰিবলৈ আহ্বান জনোৱা হৈছে।

GTM Desk

Related