হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও, ৫০ লাখ টকা বিচাৰি ব্লেকমেইল

হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও, ৫০ লাখ টকা বিচাৰি ব্লেকমেইল

এইবাৰ হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও৷ ৰাজস্থানৰ জয়পুৰত এগৰাকী IPS বিষয়াক এগৰাকী মহিলা চিকিৎসকে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি ব্লেকমেইল কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে ৷ মহিলাগৰাকীয়ে বিষয়াগৰাকীক পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰি তেওঁক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে অন্যথা তেওঁক ৫০ লাখ টকা দিবলৈ ব্লেকমেইল কৰে ৷ইতিমধ্যে দেওবাৰে ভুক্তভোগী বিষয়াগৰাকী জৱাহৰ চক্ৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ৷
এজাহাৰখনত উল্লেখ কৰা হৈছে যে মহিলা চিকিৎসকগৰাকীয়ে IPS বিষয়াগৰাকীক যোৱা চাৰি মাহ ধৰি হাৰাশাস্তি কৰি আহিছে ৷ চিকিৎসকগৰাকীয়ে তেওঁক মিছা গোচৰত জড়িত কৰাৰো ভাবুকি দিছিল ৷
জৱাহৰ চক্ৰ আৰক্ষী বিষয়া অৰবিন্দ কুমাৰ চৰণে কোৱা অনুসৰি, আইপিএছ বিষয়া ৰাজেশ কুমাৰ মীনাই বৃহস্পতিবাৰে মহিলা চিকিৎসক প্ৰিয়ংকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ তেওঁ অভিযোগ কৰি কৈছিল যে, ২০২০ চনত তেওঁক ডুংগৰপুৰত আৰএএছ (প্ৰবেচনাৰ) হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তেতিয়াই তেওঁ ক’ভিডৰ সময়ত চিকিৎসক প্ৰিয়ংকাক লগ পাইছিল ৷ তেতিয়া দুয়োৰে সম্পৰ্ক বন্ধুত্বলৈ পৰিণত হৈছিল আৰু দুয়োৰে মাজত কথা বতৰাও আৰম্ভ হৈছিল ৷
সেই সময়ত প্ৰিয়ংকা বিবাহিত আছিল ৷ তেওঁ বহুবাৰ তেওঁলোকৰ বাবে খাদ্য ৰান্ধিছিল ৷ এবাৰ প্ৰয়োজন হওঁতে তেওঁ প্ৰিয়ংকাৰ পৰা ৩ লাখ টকা ধাৰ লৈছিল৷ পিচত তেওঁ সেই টকাখিনি ঘূৰাইও দিছিল ৷ পৰৱৰ্তী সময়ত যেতিয়া প্ৰিয়ংকাক চাকচু এছ.ডি.এম. হিচাপে নিযুক্ত কৰা হৈছিল, তেওঁ জয়পুৰলৈ আহিছিল ৷ তেতিয়া দুয়োয়ে সঘনাই লগ কৰিছিল ৷ ২০২১ চনত আইপিএছত নিৰ্বাচিত হৈছিল মীনা ৷
তাৰ পিচতে প্ৰিয়ংকাই তেওঁক বিয়া কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে ৷ আনকি প্ৰিয়ংকাই তেওঁৰ স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ কথাও কৈছিল ৷ অৱশ্যে, মীনাই প্ৰিয়ংকাক বিয়া কৰাবলৈ অমান্তি হৈছিল ৷
পৰৱৰ্তী সময়ত ৰাজেশ কুমাৰ মীনাই ২০২৩ চনৰ মে’ত বিবাহপাশত আৱদ্ধ হৈছিল ৷ বিয়াৰ পিচৰে পৰা তেওঁ প্ৰিয়ংকাৰ সৈতে কথা পতাও বন্ধ কৰে ৷ যেতিয়া প্ৰিয়ংকাই ৰাজেশ মীনাৰ বিবাহৰ বিষয়ে গম পায়, তাৰ পিচত প্ৰিয়ংকাই মীনাক ফোনযোগে ভাবুকি দিবলৈ আৰম্ভ কৰে ৷ প্ৰিয়ংকাই কৈছিল যে, তেওঁ স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এনে পৰিস্থিতিত মীনাকো নিজ পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰি প্ৰিয়ংকাক বিয়া কৰাবলৈ হেঁচা দিছিল ৷
যেতিয়া প্ৰিয়ংকাৰ প্ৰস্তাৱ মীনাই অস্বীকাৰ কৰিছিল, তেতিয়া তেওঁ ৫০ লাখ টকা দাবী কৰিছিল আৰু তেওঁক মিছাকৈ ধৰ্ষণৰ কৰাৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল ৷ ইতিমধ্যে ঘটনাটো তদন্তৰ বাবে এছ আই মাদ্ৰুপক হস্তান্তৰ কৰা হৈছে ৷

GTM Desk

Related