আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হিচাপে পৰিগণিত হ’ব একতা কাপুৰ

আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হিচাপে পৰিগণিত হ’ব একতা কাপুৰ

মনোৰঞ্জন জগতৰ অন্যতম শ্ৰেষ্ঠ টেলিভিছন আৰু চলচ্চিত্ৰ প্ৰযোজক একতা কাপুৰ । বালাজী টেলিফিল্মছ নামেৰে একতাৰ নিজা প্ৰডাকচন হাউচ আছে, যিটো 1994 চনত প্ৰতিষ্ঠা হৈছিল ।

একতাই ‘নাগিন’, ‘কিউংকি সাছ ভি কভি বহু থি’, ‘কুমকুম ভাগ্য’, ‘কচটি জিন্দেগী কি’ আৰু ‘বড়ে আচ্ছে লগতে হ্যায়’ আদি জনপ্ৰিয় টেলিভিছন শ্ব’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ শেহতীয়াকৈ তেওঁ শোভা কাপুৰৰ সৈতে আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ অভিনীত ‘ড্ৰিম গাৰ্ল ২’ ছবিখন প্ৰযোজনা কৰিছে। ইয়াৰ উপৰিও তেওঁ ‘ৱান্স আপন এ টাইম ইন মুম্বাই’, ‘এক ভিলেইন’, ‘ৰাগিনী এম এম এছ’, ‘দ্য ডাৰ্টি পিকচাৰ’ আদি ছবিও নিৰ্মাণ কৰিছে।

মনোৰঞ্জন উদ্যোগত কৰা উজ্জ্বল কামৰ বাবে তেওঁক আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰে সন্মানিত কৰা হ’ব । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হ’ব একতা । এই কৃতিত্বৰ ওপৰত একতাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে হৃদয়স্পৰ্শী টোকা । একতাই লিখিছে, ‘এই সন্মান লাভ কৰাৰ পিচত মই নম্ৰতা আৰু উৎসাহেৰে ভৰি পৰিছোঁ । এই বঁটাটোৱে মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে, সমগ্ৰ বিশ্বতে মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো এক সন্মান । বিশেষকৈ নাৰীৰ বাবে কাহিনী সৃষ্টি কৰা এগৰাকী নাৰী হিচাপে টেলিভিছন মোৰ বাবে আত্ম-আৱিষ্কাৰৰ দৰে হৈ আহিছে ।’

তেওঁ লগতে কয়, ‘এই সন্মানে মোক বিশ্বৰ মঞ্চত থিয় দিবলৈ অধিক শক্তিশালী কৰি তুলিছে । 2023 চনৰ আন্তঃৰাষ্ট্ৰীয় এমি সঞ্চালকালয় বঁটাৰ বাবে ধন্যবাদ ।’

GTM Desk

Related