আকৌ এবাৰ TV ত চাব পাৰিব ৰামানন্দ সাগৰৰ ৰামায়ণ, কেতিয়া ক’ত চাব পাৰিব জানি লওক
আকৌ এবাৰ টিভি চাব পাৰিব ৰামানন্দ সাগৰৰ ৰামায়ণ, কেতিয়া ক’ত চাব পাৰিব জানি লওক
দক্ষিণৰ অভিনেতা প্ৰভাস আৰু কৃতি ছাননৰ ছবি আদিপুৰুষক লৈ বিতৰ্ক অব্যাহত আছে। ছবিখনৰ ভিএফএক্স সন্দৰ্ভতো বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল নিৰ্মাতাসকলে। ছবিখনৰ সংলাপ আৰু তাৰকাসকলৰ সাজ-পোছাকৰ মাজতো বিতৰ্কৰ সৃষ্টি হৈছিল। ৰাৱণৰ চাৱনিও ভাল পোৱা নাছিল। এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত আনকি ছবিখনৰ সংলাপও সলনি কৰিলে নিৰ্মাতাসকলে। ইফালে ৰমানন্দ সাগৰৰ ৰামায়ণ আকৌ এবাৰ চৰ্চালৈ আহিল।
পূৰ্বৰ ৰামায়ণত কাম কৰা অভিনেতাসকলেও আদিপুৰুষক বহুত সমালোচনা কৰিছিল। এতিয়া আদিপুৰুষৰ বিতৰ্কৰ মাজতে আকৌ এবাৰ টিভিত ৰামায়ণ প্ৰদৰ্শিত হ’ব বুলি খবৰ আহিছে। এই লৈ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে।
কেতিয়া, ক’ত চাব পাৰিব ৰামায়ণ?
অৰুণ গোভিল আৰু দীপিকা চিখালিয়াৰ ছবি ৰামায়ণ পুনৰ প্ৰচাৰ হ’ব শ্বেমাৰু টিভিত। ৩ জুলাইৰ পৰা সন্ধিয়া ৭.৩০ বজাৰ পৰা প্ৰচাৰিত হ’ব ৰামায়ণ। শ্বেমাৰু টিভিয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে – আপোনালোক সকলো প্ৰিয় দৰ্শকৰ বাবে আমি লৈ আহিছো বিশ্ববিখ্যাত পৌৰাণিক ধাৰাবাহিক “ৰামায়ণ”। ৩ জুলাইৰ পৰা সন্ধিয়া ৭:৩০ বজাত “ৰামায়ণ” চাওক কেৱল ShemarooTV ত।