পত্নীৰ সৈতে মন্দিৰত পূজা আগবঢ়ালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে
তেওঁ প্ৰায়ে কয় যে তেওঁ এজন গৌৰৱী হিন্দু। জি–২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিও ভাৰতীয় বংশোদ্ভূত এইগৰাকী ৰাজনীতিকে জনাইছিল, এবাৰ মন্দিৰলৈ যোৱাৰ ইচ্ছা। সেইমতেই জি–২০ সন্মিলনৰ মাজতে পত্নী অক্ষতা মূৰ্তিক লৈ দিল্লীৰ অক্ষৰ ধাম মন্দিৰত পূজা দিবলৈ গ’ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে।
দেওবাৰে পুৱা ৫.৪৫ বজাত পত্নীক লৈ দিল্লীৰ অক্ষৰধাম মন্দিৰত উপস্থিত হয় ঋষি ছুনাক। মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ঐতিহ্য পালন কৰি হিন্দু ৰীতি–নীতিৰে তেওঁক উষ্ম আদৰণী জনোৱা হয়।
স্বামী–স্ত্ৰীয় দুয়ো অত্যন্ত নিষ্ঠা সহকাৰে পূজা আৰু আৰতি কৰে। পূজাৰ শেষত তেওঁলোকক অক্ষৰ ধাম মন্দিৰৰ এটা মডেলো উপহাৰ দিয়ে মন্দিৰ কৰ্তপক্ষই।