মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমানত মহিলাৰ শ্লীলতা হানি, বিমানবন্দৰতে গ্ৰেপ্তাৰ হ’ল অভিযুক্ত

মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমানত মহিলাৰ শ্লীলতা হানি, বিমানবন্দৰতে গ্ৰেপ্তাৰ হ’ল অভিযুক্ত

বিমানকৰ্মী বা পাইলটৰ সৈতে দুৰ্ব্যৱহাৰৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। বিমানত বহু অপ্ৰীতিকৰ ঘটনাৰ কথাও মাজে সময়ে পোহৰলৈ আহে। কিন্তু শেহতীয়াকৈ মুম্বাই–গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত এজন যাত্ৰীয়ে কাষত বহা এগৰাকী মহিলা যাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে তেওঁৰ শ্লীলতা হানিৰ অভিযোগ দাখিল কৰাৰ পিছতে গুৱাহাটী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত যাত্ৰীজনক।

মহিলাগৰাকীয়ে কয় যে বিমানত তেওঁৰ কাষৰ আসনত বহা লোকজনে কেবিনত কম পোহৰৰ সুযোগ লৈ তেওঁক স্পৰ্শ কৰিছিল। বিমান কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা মতে, লোকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰি আৰক্ষীক গতাই দিয়া হৈছে।

উল্লেখযোগ্য যে 6E-5319 ইণ্ডিগ’ বিমানখন মুম্বাইৰ পৰা নিশা ৯ বজাত যাত্ৰা কৰিছিল আৰু ১২.১৫ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিছিল। ৫ মাহৰ ভিতৰত বিমানত এনেধৰণৰ এয়া পঞ্চমটো ঘটনা।

উল্লেখযোগ্য যে কেইদিনমান আগতে মুম্বাই হৈ যাত্ৰা যাত্ৰা কৰা মাস্কট-ঢাকা অভিমুখী এখন বিমানত এগৰাকী মহিলা বিমান সেৱকক নিৰ্যাতন চলোৱাৰ অভিযোগত এজন ৩০ বছৰীয়া বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল। ঘটনাটো বৃহস্পতিবাৰে পুৱতিনিশা মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভিস্তাৰা বিমানকন অৱতৰণ কৰাৰ কিছু সময় আগতে সংঘটিত হৈছিল।

“মহম্মদ দুলাল নামৰ অভিযুক্তজন এজন বাংলাদেশী নাগৰিক। তেওঁ ভিস্তাৰা বিমানেৰে মুম্বাই হৈ মাস্কটৰ পৰা ঢাকালৈ গৈ আছিল। বিমানখন মুম্বাইত অৱতৰণ কৰাৰ আধা ঘণ্টা আগতে দুলালে নিজৰ আসনৰ পৰা উঠি এগৰাকী মহিলা বিমান সেৱিকাক সাবটি ধৰিছিল আৰু চুম্বন কৰাৰ চেষ্টা কৰিছিল,” এজন বিষয়াই কয়। আন কেবিন ক্ৰিউ সদস্য আৰু যাত্ৰীসকলে হস্তক্ষেপ কৰাৰ চেষ্টা কৰাত তেওঁ ধমক দিয়াৰ চেষ্টা কৰিছিল।

GTM Desk