দেশত বন্ধ হ’ব ডিজেল গাড়ী ?

দেশত বন্ধ হ’ব ডিজেল গাড়ী ?

দেশত ডিজেল গাড়ীৰ নিৰ্মাণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্থল পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

ভাৰতীয় গাড়ী নিৰ্মাতাক ইতিমধ্যে ডিজেল গাড়ী নিৰ্মাণৰ বিৰুদ্ধে সকীয়নি দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ মতে গাড়ী নিৰ্মাতাসকলে ডিজেল গাড়ীৰ নিৰ্মাণ বন্ধ নকৰিলে কেন্দ্ৰীয় চৰকাৰে এনেকৈ কৰ বৃদ্ধি কৰিব, যাতে ডিজেল গাড়ী বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় গাড়ী নিৰ্মাতাসকল। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ১০ শতাংশ পৰিমাণে কৰ বৃদ্ধি কৰিব বুলি বাতৰি প্ৰকাশ পাইছে যদিও মন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দি কয়, এতিয়ালৈকে এই সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

Shahnawaz Hamza

Related