আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ প্ৰকাশনে সন্মানিত কৰিলে এজন অসমীয়া যুৱকক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ প্ৰকাশনে সন্মানিত কৰিলে এজন অসমীয়া যুৱকক

যুক্তৰাষ্ট্ৰখনৰ আগশাৰীৰ প্ৰকাশন “মানৱ সম্পদ কাৰ্যবাহী”(Human Resources Executive)য়ে প্ৰকাশ কৰা এই বৰ্ষৰ শীৰ্ষ ১০০জন গোলকীয় প্ৰযুক্তি বিষয়াৰ নাম তালিকাত সন্নিবিষ্ট হৈছে গুৱাহাটীৰ ভাস্কৰ ডেকাৰ নাম।

গুগল, অৰেকল, ডিজনী, ফেচবুক, এছএপি আদিৰ দৰে গোলকীয় কোম্পানীৰ শীৰ্ষ প্ৰযুক্তি বিষয়াসকলৰ নামেৰে ভৰি থকা বাৰ্ষিক তালিকাখনত চিলিকন ভেলীস্থিত এক প্ৰতিষ্ঠানৰ প্ৰযুক্তি কাৰ্যবাহী ভাস্কৰ ডেকাৰ নাম অন্তৰ্ভুক্ত থকাতো স্বাভাৱিকতেই অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। প্ৰকাশন গোষ্ঠীটোৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নামসমূহত ভাৰতীয় মূলৰ ৬জন ব্যক্তিৰ নাম উল্লেখ আছে আৰু ইয়াৰ ভিতৰত ভাস্কৰ ডেকা অন্যতম। আনহাতে ডেকা হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া।

১৯৯৫ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰা ভাস্কৰ ডেকা চিলিকন ভেলীৰ অৰেকল কৰ্পোৰেচনৰ দৰে শীৰ্ষ প্ৰতিষ্ঠানত অভিযান্ত্ৰিক আৰু প্ৰডাক্ট মেনেজমেণ্টৰ জ্যেষ্ঠ নেতৃত্বৰ পদত অধিষ্ঠিত হৈ আছে। তদুপৰি তেওঁ বৰ্তমান গ্ল’বেল ভাইছ প্ৰেছিডেণ্ট (জিভিপি) ও জেনেৰেল মেনেজাৰ আৰু কৰ্ণাৰষ্টোন অন ডিমাণ্ডৰ জ্যেষ্ঠ নেতৃত্ব দলৰ সদস্য, যাৰ ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে কাৰ্যালয় থকাৰ লগতে বাৰ্ষিক ৰাজহ বহু বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে।

GTM Desk