‘স্বচ্ছ আৰু নিকাৰ পৰিভাষা বেলেগ৷ টকা খাই চাকৰি দিয়াটো হ’ল একপ্ৰকাৰৰ দুৰ্নীতি-অনিয়ম আৰু টকা নাখাই বে-আইনীভাৱে চাকৰি দিয়াটো এটা দুৰ্নীতি-অনিয়ম৷ –এই ভাষ্য অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ শুকুৰবাৰে গুৱাহাটীৰ ভঙাগড়স্থিত প্লাজা ইন হোটেলত অনুষ্ঠিত এখন সংবাদ মেলত লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত হোৱা চাকৰিৰ ভয়ংকৰ কেলেংকাৰীৰ তথ্য ফাদিল কৰে৷ তেওঁ কয়– অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে চাকৰিত একো কেলেংকাৰী হোৱা নাই৷ লগতে কৈছে যে স্বচ্ছ আৰু নিকাভাৱে চাকৰি প্ৰদান কৰা হৈছে ইয়াত অনিয়ম সংঘটিত হোৱা বুলি কোৱাসকলৰ পাপ লাগিব৷ আমাৰ কথা হ’ল, চাকৰি প্ৰদানত যে ব্যাপক অনিয়ম সংঘটিত হৈছে, সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ আছে৷ স্বয়ং চৰকাৰেই তেনে সুৰুঙাবোৰ ৰাইজৰ আগত মুকলিকৈ এৰি গৈছে৷ যিসকলে চাকৰি পাইছে, তেওঁলোকৰ নাম তালিকাখন ৰাজহুৱা কৰিছিল নে? তেওঁলোকে কিমান নম্বৰ পাই চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল, সেয়া ৰাজহুৱা কৰিছিলনে? যিসকলে চাকৰি পোৱা নাই বা পৰীক্ষাত অনুত্তীৰ্ণ হৈছে, তেওঁলোকেনো কিমান নম্বৰ পাই অনুত্তীৰ্ণ হ’ল, সেই তালিকা ৰাজহুৱা কৰিছেনে? চাকৰি পৰীক্ষা উত্তীৰ্ণৰ কাট অৱ মাৰ্ক কিমান আছিল? উক্ত তথ্য ৰাজহুৱা কৰিছিল নে? এজন চাকৰি প্ৰাৰ্থীয়ে ২০/২১টা লৈকে পদৰ বিপৰীতে অনুষ্ঠিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তথ্য প্ৰকাশ পাইছে৷ তেনে প্ৰাৰ্থীয়ে হয়তো যোগদান কৰিছে এটা পদত৷ বাকী পদসমূহৰ কি হ’ল? যিহেতু ৱেটিং লিষ্ট নাই, গতিকে সেই পদসমূহত আন কোনে কোনে নিযুক্তি পালে, বা পালে নে নাপালে, সেয়াও স্পষ্ট নহয়৷ এনে অৱস্থাত আচলতে কিমানটা পদত কিমানজন নিবনুৱাই নিযুক্তি পালে, সেই তথ্যক লৈ বিভ্ৰান্তি থাকি গ’ল৷ ৱেটিং লিষ্ট কিয় প্ৰস্তুত কৰা নহ’ল? ১ লাখ চাকৰিৰ আচলতে কিমানটা পদ পূৰণ হ’ল, সেই তথ্য ৰাজহুৱা মঞ্চত উপলব্ধ নোহোৱাৰ ফলত বিভ্ৰান্তি থাকিয়ে গ’ল৷ যিসকলে চাকৰি পাইছে, তেওঁলোক কোননো? মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে মেধা আৰু যোগ্যতাৰ ভিত্তিত, বেছিভাগ দুখীয়া ঘৰৰ ল’ৰা ছোৱালীয়ে চাকৰি পাইছে৷ কিন্তু আমি পোৱা অভিযোগ মতে, জালুকবাৰী সমষ্টিৰ এনে বহু লোকে চাকৰি পাইছে যাৰ চৰকাৰী চাকৰি পোৱাৰ বয়সৰ সীমা অতি ক্ৰম হৈছে৷ ৫৬ বছৰ বয়সতো চৰকাৰী চাকৰি পোৱা ব্যক্তি এইবাৰৰ চাকৰি পোৱাসকলৰ ভিতৰত আছে৷ জোনালী ভড়ালী দাস, বয়স ৪৮ বছৰ৷ লখিমপুৰ মেডিকেল কলেজত পোষ্টিং হৈছিল৷ কিন্তু অদৃশ্য শক্তিৰ বলত নিযুক্তিৰ পিছৰে পৰা শুৱালকুচি মহাত্মা গান্ধী এফ আৰ ইউত কাম কৰি আছে৷ সেইদৰে নিপজ্যোতি বৈশ্য উৰফে সঞ্জীৱ বৈশ্য৷ ৪৬ বছৰ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত গাড়ী চালক পদত নিযুক্তি লাভ কৰিছে৷ তদুপৰি হৰকান্ত বৈশ্য, বয়স ৫৬ বছৰ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ পোষ্টিং৷ চৈতেন্দ্ৰ দাস৷ বয়স ৫১ বছৰ৷ লখিমপুৰ চিকিৎসা মহাবিদ্যায়ত পোষ্টিং অজিৎ দাস৷ বয়স ৫৬ বছৰ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পোষ্টিং৷ অভিযোগ অনুসৰি, জালুকবাৰী সমষ্টিৰ অন্তৰ্গত প্ৰায় সকলো মণ্ডল বিজেপিৰ সভাপতিৰ পৰিয়ালৰলোকে বিগত তিনি বছৰত চৰকাৰী চাকৰি পাইছে৷ এই আটাইকেইজনে মেধা বা যোগ্যতাৰ বলত পাইছেনে? অভাৰ লেপিংৰ বাবে বহু প্ৰাৰ্থীয়ে বঞ্চিত হৈছে৷ তিনিবাৰ মেট্ৰিক ফেইল কৰা ৰজাঘৰৰ অঙহী বঙহীয়েও চৰকাৰী চাকৰি লাভ কৰিছে৷ আমি সম্পূৰ্ণ মেৰিট লিষ্ট দিবলৈ চৰকাৰক দাবী জনালোঁ৷ আমি কষ্টৰ মাজেৰে যোৱা ছাত্ৰ-ছাত্ৰীক অন্যায় নকৰিলৈ চৰকাৰ তথা মুখ্যমন্ত্ৰীক আহ্বান জনালোঁ৷’
2023-09-17