ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত

ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত

ড্ৰাগছৰ গোচৰত ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত,
শেহতীয়াকৈ বিগ বছ ১৭ ৰ এটা ডাঙৰ আপডেট আহিছে ৷ কৰণ-অৰ্জুনত ছলমান খানৰ বিপৰীতে অভিনয় কৰা সুন্দৰী অভিনেত্ৰী মমতা কুলকাৰ্ণী এইবাৰ বিগ বছ ১৭ ত অংশগ্ৰহণ কৰিব পাৰে বুলি খবৰ পোৱা গৈছে ৷

ছলমান খানৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছ ১৭ ছিজন অতি সোনকালেই আৰম্ভ হ’ব ৷
শেহতীয়াকৈ শ্ব’টোৰ প্ৰিমিয়াৰৰ কথা ঘোষণা কৰা হৈছে । ইফালে, শ্ব’টোত অংশ হ’বলগীয়া প্ৰতিযোগীসকলৰ সন্দৰ্ভত কেইবাটাও আপডেট আহি আছে ।

এইবাৰ বলীউডৰ আটাইতকৈ বিতৰ্কিত অভিনেত্ৰীক প্ৰতিযোগী হিচাপে এই শ্ব’টোত অংশগ্ৰহণ কৰা দেখা যাব।বিগ বছে প্ৰত্যেক বছৰে নিজৰ শ্ব’টোলৈ আমন্ত্ৰণ কৰি আনে আটাইতকৈ বিতৰ্কিত প্ৰতিযোগীক ।
এতিয়ালৈকে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পূজা ভাট, মনিকা বেদী, কোয়েনা মিত্ৰ, তনিষা মুখাৰ্জী, শ্বমিতা শেট্টী, ৰিমি সেন আৰু মিনিছা লাম্বাই এই শ্ব’টোত অংশগ্ৰহণ কৰিছে ।
কিন্তু এইবাৰ বিগ বছত যিগৰাকী অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিব সেইগৰাকী বিগ বছৰ ইতিহাসত আটাইতকৈ বিতৰ্কিত প্ৰতিযোগী হ’ব ৷
অৱশ্যে এইগৰাকী অভিনেত্ৰী সকলোৰে পৰিচিত ৷কোন বিতৰ্কিত অভিনেত্ৰী ?বিগ বছ ১৭ সম্পৰ্কীয় শেহতীয়া আপডেট অনুসৰি অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে এই শ্ব’টোত অংশগ্ৰহণ কৰিব পাৰে ৷ বিগ বছৰ সৈতে জড়িত আপডেট শ্বেয়াৰ কৰা ফেন পেজৰ প্ৰতিবেদন অনুসৰি মমতা কুলকাৰ্ণী কিছু আইনী বিবাদৰ সৈতে বৰ্তমান জড়িত হৈ আছে ৷

যদি অভিনেত্ৰীগৰাকীয়ে এই বিষয়সমূহ নিষ্পত্তি কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ বিগ বছৰ সৈতে পুনৰ এই উদ্যোগটোলৈ উভতিব । অৱশ্যে শ্ব’টোৰ আয়োজকে এতিয়াও এই সন্দৰ্ভত কোনো ঘোষণা কৰা নাই ।
মমতা কুলকাৰ্ণীৰ বিতৰ্কমমতা কুলকাৰ্ণী ছবিজগতত এনেকুৱা এটা নাম, যিয়ে নিজৰ কামতকৈ অধিক বিতৰ্কৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰিছে । প্ৰথমে ৯০ দশকত টপলেছ ফটোশ্বুট কৰি আলোড়নৰ সৃষ্টি কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছে বহুবাৰ ।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জীৱনৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছিল ।

মমতা কুলকাৰ্ণীয়ে চলচ্চিত্ৰ জগতত বহু নাম অৰ্জন কৰিছিল যদিও ২০০৩ চনত অভিনয় ত্যাগ কৰি সন্ন্যাসিনী হৈ পৰে । অভিনেত্ৰীগৰাকীয়ে নিজৰ সন্ন্যাসিনী জীৱনৰ বিষয়ে এখন গ্ৰন্থও ৰচনা কৰিছিল ।ড্ৰাগছৰ গোচৰত নাম আহিছিলদুই হাজাৰ কোটি টকাৰ ড্ৰাগছৰ গোচৰত অভিনেত্ৰী মমতা কুলকাৰ্ণীৰ নাম জড়িত হৈ পৰিছিল ।

২০১৬ চনত তেওঁক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ৰেকেটত অভিযুক্ত কৰা হৈছিল । কোৱা হয় যে এই ৰেকেটৰ মূল কিংপিন আছিল বিকি গোস্বামী আৰু বিকিক কথিত ৰূপত মমতা কুলকাৰ্ণীৰ স্বামী বুলি কোৱা হয় । ইয়াৰ পিচতে মমতাই ভাৰত এৰি বিদেশলৈ পলায়ন কৰিছিল ৷ এই গোচৰত যেতিয়া আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক সোধা-পোচাৰ বাবে বিচাৰিছিল তেতিয়া অভিনেত্ৰীগৰাকী ঘৰত উপস্থিত নাছিল ৷ ইয়াৰ পিচত মমতাক ‘অপৰাধী’ বুলি ঘোষণা কৰা হৈছিল ।

ইয়াৰ পিচত মমতা আৰু কেতিয়াও ভাৰতলৈ উভতি অহা নাই ।ছলমানৰ সৈতে পুনৰ মিলন হ’বমমতা কুলকাৰ্ণীয়ে ছলমান খানৰ সৈতে ব্লকবাষ্টাৰ ছবি কৰণ-অৰ্জুনত কাম কৰিছিল । এতিয়া যদি অভিনেত্ৰীগৰাকীয়ে বিগ বছ ১৭ ত অংশগ্ৰহণ কৰে, তেন্তে এয়া হ’ব দুয়োৰে পুনৰ মিলন

GTM Desk