গোৰোহাৰ বিষত আক্ৰান্ত হ’লে এইখিনি কৰক..

গোৰোহাৰ বিষত আক্ৰান্ত হ’লে এইখিনি কৰক..

বিভিন্ন কাৰণত গোৰোহাৰ বিষ হ’ব পাৰে৷ কেতিয়াবা গোৰোহাৰ বিষৰ বাবে খোজ কঢ়াটো সমস্যাৰ সৃষ্টি হয়৷ গোৰোহাৰ বিষ কেইবাটাও কাৰণত হ’ব পাৰে৷ অত্যধিক শকত হোৱা, ডায়েবেটিছ-থাইৰয়েড ৰোগত আক্ৰান্ত হ’লে, শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে, খোজৰ বিসংগতি হ’লে, অত্যধিক খোজ কঢ়া বা দৌৰাৰ বাবেও গোৰোহাৰ বিষ হ’ব পাৰে৷

গোৰোহাৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ এইখিনি কৰিব পাৰে৷

⬛কেতিয়াও খালী ভৰিৰে খোজ কাঢ়িব নালাগে৷ খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ পতাত জোৰ পৰে৷ তাৰ ফলত গোৰোহাৰ বিষত আক্ৰান্ত হ’ব পাৰে৷

⬛ ভৰিৰ পতাত ঠাণ্ডা লাগিবলৈ নিদিব৷

⬛সদায় ভৰিৰ সৈতে খাপ খোৱা চেণ্ডেল বা জোতা পিন্ধিব লাগে৷

⬛শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব লাগে৷

⬛তিল তেলত এৰা গছৰ পাত সৰু সৰুকৈ কাটি ভাজি লৈ সেই তেলেৰে গোৰোহা মালিচ কৰিলে গোৰোহাৰ বিষত উপশম পাব পাৰে৷

⬛গোৰোহা বিষত উপশম পাবলৈ কেইটামান সহজ ব্যায়াম কৰিব পাৰে৷ থিয় হৈ লৈ হাত দুখনেৰে বেৰত জোৰকৈ হেঁচি ধৰি এখন ভৰি সন্মুখৰ ফালে আনিব লাগে৷ একেদৰে আনখন ভৰি পিছলৈ চিধা কৰি ৰাখিব লাগে৷ এইদৰে ভৰি দুখন কেইবাৰমান সালসলনি কৰিলেও বিষৰ পৰা উপশম পাব পাৰি৷

⬛যিকোনো ঘূৰণীয়া বস্তু ভৰিৰ তলত ৰাখি সন্মুখৰ পৰা পিছলৈ আৰু পিছৰ পৰা সন্মুখলৈ কেইমিনিটমান ধৰি ঘুৰাই থাকিলেও গোৰোহাৰ বিষত ভাল ফল পাব পাৰি৷

GTM Desk

Related