ডেটিং এপত চিনাকীঃ বিদেশৰ পৰা প্ৰেমিকাক মাতি আনি হত্যা

ডেটিং এপত চিনাকীঃ বিদেশৰ পৰা প্ৰেমিকাক মাতি আনি হত্যা

এগৰাকী বিদেশী মহিলাৰ হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন যুৱকে প্ৰেয়সীক বিদেশৰ পৰা মাতি আনি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ তিলক নগৰত।

অভিযুক্তৰ নাম গুৰপ্ৰীত সিং বুলি জানিব পৰা গৈছে। গুৰপ্ৰীতেয় কয় যে, ডেটিং এপৰ জৰিয়তে তেওঁ এগৰাকী মহিলাক লগ পাইছিল। বন্ধুত্বৰ পাছত তেওঁলোকৰ প্ৰেম হৈছিল আৰু লগ কৰাও আৰম্ভ কৰিছিল। গুৰপ্ৰীতে যুৱতী গৰাকীক মাতি পঠিয়াইছিল যাৰ বাবে যুৱতীগৰাকী ছিংগাপুৰৰ পৰা দিল্লীলৈ আহিছিল।

পাছত গুৰপ্ৰীতে যুৱতীগৰাকীক হত্যা কৰিছিল। গুৰপ্ৰীতে সন্দেহ কৰিছিল যে যুৱতীগৰাকীয়ে অন্য যুৱকৰ সৈতেও সম্পৰ্ক ৰাখিছিল।

১১ অক্টোবৰত যুৱতীগৰাকী দিল্লীৰ এখন হোটেলত আছিল। তাৰ কেইদিন মান পাছত এখন গাড়ীত যুৱতীগৰাকীৰ মৃতদেহ হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। আৰক্ষীৰ তদন্ততহে সকলো কথা পোহৰলৈ আহিছিল।

অভিযোগ অনুসৰি গুৰপ্ৰীতে পৰিকল্পনা অনুসৰি যুৱতীগৰাকীক হত্যা কৰি গাড়ীৰ ভিতৰত ভৰাই থৈছিল। যুৱতীগৰাকীক হোটেলৰ পৰা বাহিৰলৈ মাতি আনিছিল আৰু চাৰপ্ৰাইজ দিম বুলি কৈছিল। কিন্তু যুৱতীগৰাকীক হত্যা কৰে যুৱকজনে। যুৱতীগৰাকীক হত্যাৰ প্ৰায় ৩ দিন পাছত উদ্ধাৰ হৈছিল মৃতদেহ।

শুকুৰবাৰে আৰক্ষীয়ে গুৰপ্ৰীতক গ্ৰেপ্তাৰ কৰে আৰু শনিবাৰে আৰক্ষীৰ জিম্মাত লয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

GTM Desk

Related