Advertisement

পৰকীয়া প্ৰেম! ৫ সন্তানক অনাথ কৰি প্ৰেমিকৰে মিলি হত্যা স্বামীক..

পৰকীয়া প্ৰেম! ৫ সন্তানক অনাথ কৰি প্ৰেমিকৰে মিলি হত্যা স্বামীক..

কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হ’লে এগৰাকী মহিলাই পৰকীয়া প্ৰেমত মচগুল হৈ স্বামীক হত্যা কৰিব পাৰে সেইয়া হয়তো কল্পনাতীত।

উত্তৰপ্ৰদেশত সংঘটিত এনে এক ভয়ংকৰ ঘটনাই এতিয়া চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰাজ্যখনৰ গডৱাৰ থানা এলেকাৰ অন্তৰ্গত চিকাৰিয়া খুৰ্ডত ৫ সন্তানৰ এগৰাকী মাতৃৰ এজন যুৱকৰ সৈতে প্ৰেম হয়। পিছত এই প্ৰেমৰ পৰ্য্যায় এনে অৱস্থা পায়গৈ য’ত মহিলাগৰাকীয়ে নিজৰ সংসাৰৰ লগতে সন্তানৰ ভৱিষ্যতৰ কথাও চিন্তা নকৰিল। ফলস্বৰূপে সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড।

মহিলাগৰাকীৰ স্বামীয়ে নিজৰ সামৰ্থ অনুসৰি পৰিয়ালটোক পোহপাল দি আছিল। তথাপিও ইয়াত পত্নী সন্তুষ্ট হোৱা নাছিল। স্বামী থকাৰ পাছতো আন এজন যুৱকৰ সৈতে প্ৰেমত পৰিল পত্নী। প্ৰেমত মচগুল মহিলাগৰাকীয়ে এখন ৰঙীন পৃথিৱীৰ সপোন দেখিবলৈ আৰম্ভ কৰি সন্তান কেইটাৰ কথাও যেন পাহৰিল।

এই পৰকীয়া প্ৰেমত বাধা হৈ থিয় দিয়া স্বামীক আঁতৰ কৰাৰ উদ্দেশ্যে মহিলাগৰাকীয়ে তেওঁক হত্যাৰ পৰিকল্পনা কৰিলে। অৱশেষত, প্ৰেমিকৰ সৈতে মিলি হত্যা কৰা স্বামীক। নিমিষতেই পিতৃহাৰা হ’ল ৫ সন্তান।

উল্লেখ্য যে, মহিলাগৰাকীৰ ৫ টাকৈ সন্তান আছে। ইয়াৰে একেবাৰে জেষ্ঠ পুত্ৰৰ বয়স ১৫ আৰু কনিষ্ঠ পুত্ৰৰ বয়স মাত্ৰ ৩ বছৰ।

Shahnawaz Hamza