১১ বছৰ বয়সত ৪১০ কোটি সম্পত্তিৰ মালিক এইগৰাকী মৰমলগা কণমানি
মাত্ৰ ১১ বছৰ বয়সতে ইউটিউবাৰ হৈ কোটি কোটি টকা উপাৰ্জন কৰিছে শফাই। মাত্ৰ ১১ বছৰ বয়সতে খলকনি তুলিছে ছচিয়েল মিডিয়াত। সমগ্ৰ বিশ্বৰ শিশু–কিশোৰৰ মাজত চমক দিছে শফাই। ৰূপকথাৰ নানা চৰিত্ৰ যেনে ‘ফ্ৰোজেন’, ‘এলছা এণ্ড এনা’ৰ সৈতে ৰোমাঞ্চকৰ ভিডিঅ’ শ্বেয়াৰ কৰে তেওঁ। তেওঁৰ ভিডিঅ’ সাধাৰণতে আৰবী ভাষাত থাকে। ভাষা আৰু কথনশৈলীত প্ৰকাশ পায় সংযুক্ত আৰব আমিৰশ্বাহীৰ এইগৰাকী কন্যাৰ প্ৰেক্ষাপট।
শফাৰ ইউটিউব চেনেলৰ চোৱাচিতা কৰে মাতৃয়ে। এই চেনেলটোৰ আৰম্ভ হৈছিল ২০১৫ চনৰ ২৯ মাৰ্চত। সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে তেওঁৰ ভিডিঅ’ চায়। ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৩৮ মিলিয়নৰ বেছি। তেওঁৰ পৰিয়ালৰ বাবে যথেষ্ট উপাৰ্জন কৰে এইাগৰাকী কিশোৰীয়ে। তেওঁৰ চেনেলৰ ভিউজ আহিছে ২২ মিলিয়নৰ বেছি।