এচিড আক্ৰমণৰ ঘটনাঃ শীৰ্ষত আছে বেংগালুৰু, তাৰপাছত…

এচিড আক্ৰমণৰ ঘটনাঃ শীৰ্ষত আছে বেংগালুৰু, তাৰপাছত…

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। দেশৰ ডাঙৰ ডাঙৰ চহৰবোৰতো সুৰক্ষিত নহয় মহিলা। ইয়াৰ মাজতে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ(NCRB) ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য।

NCRB ৰ তথ্য অনুসৰি ২০২২ চনত দেশত মহিলাৰ বিৰুদ্ধে বেংগালুৰুত সৰ্বাধিক সংখ্যক এচিড আক্ৰমণ সংঘটিত হৈছে। এই সময়ছোৱাত বেংগালুৰু আৰক্ষীয়ে ৮টা গোচৰ ৰুজু কৰিছে। যোৱা বছৰ এনচিআৰবি তথ্যত তালিকাভুক্ত ১৯ খন মেট্ৰ’ চহৰৰ ভিতৰত বেংগালুৰু মহিলাৰ বিৰুদ্ধে ৮ টা এচিড আক্ৰমণৰ গোচৰৰ সৈতে শীৰ্ষ স্থানত আছে।

ইয়াৰ পাছতে ৭ টা গোচৰৰ সৈতে দিল্লী দ্বিতীয় স্থান আৰু ৫ টা গোচৰৰ সৈতে আহমেদাবাদ তৃতীয় স্থানত আছে।

যোৱা বছৰ বেংগালুৰুক এক ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ২৪ বছৰীয়া যুৱতীক কামলৈ যোৱাৰ সময়ত এচিড আক্ৰমণ কৰিছিল। আৰক্ষীৰ মতে যুৱতীগৰাকীক কেইবাবছৰ ধৰি অভিযুক্তই অনুসৰণ কৰিছিল। যুৱতীগৰাকীক অভিযুক্তই বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে এই ঘটনা সংঘটিত কৰিছিল।

GTM Desk