প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত ২ টাকৈ হিমালায়ণ গৃফন প্ৰজাতিৰ শগুণ ৰাণী সংৰক্ষিত বনাঞ্চলত আজি মুক্ত কৰি দিয়া হয়

প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত ২ টাকৈ হিমালায়ণ গৃফন প্ৰজাতিৰ শগুণ ৰাণী সংৰক্ষিত বনাঞ্চলত আজি মুক্ত কৰি দিয়া হয়

প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত ২ টাকৈ হিমালায়ণ গৃফন প্ৰজাতিৰ শগুণ ৰাণী সংৰক্ষিত বনাঞ্চলত আজি মুক্ত কৰি দিয়া হয় ।মহানগৰীৰ সমীপৱৰ্তী ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ চৌহদত আজি ৰাতিপুৱা কেন্দ্ৰটোৰ পৰিচালক শচীন পি ৰাণাদে আৰু ৰাণী বনাঞ্চলিক বিষয়া আৰু এই অঞ্চল সাংবাদিক জোন ৰাভাৰ উপস্থিতিত হিমালায়ণ গৃফন প্ৰজাতিৰ ২ টাকৈ এই শগুণ ৰাণী সংৰক্ষিত সেউজীয়া বনাঞ্চলত এৰি দিয়া হয় । উল্লেখ যে ৮ মা কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভিন্ন কাৰণত আঘাতপ্ৰাপ্ত হোৱা বা বেমাৰী গৰু চাগলী ভক্ষণ কৰি অসুস্থ হোৱা এই শগুণসমুহক কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি লগতে লালন-পালন কৰি ৮ মাহৰ অন্তত এনেদৰে মুক্ত কৰি দিয়া হয় বনাঞ্চলত । কেৱল এয়ায়ে নহয় যে বৰ্তমান ২০০৭ চনত আৰম্ভ হোৱা ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰটোৰ এইবাৰ ১৭ বছৰত ভৰিদিলে। বৰ্তমান এতিয়ালৈ মুঠ বগাপিঠিয়া, লাহিধুটীয়া প্ৰজাতিৰ শগুণ পোৱালি কেন্দ্ৰটোত এই বছৰত জন্মা হয় ১৬ টা । ২০০৭ চনৰ পৰা ২০২৪ লৈ এতিয়ালৈকে মুঠ পোৱালি জন্ম হয় ৭৫ টা। এতিয়া এই কেন্দ্ৰটোৰ সৰুই ডাঙৰ মুঠ শগুণ আছে ১৪১ টা।

GTM Desk

Related