মুখ্যমন্ত্ৰীৰ মাৰাথান প্ৰচাৰ অভিযান এক নাটকঃ হাগ্ৰামা মহিলাৰী

মুখ্যমন্ত্ৰীৰ মাৰাথান প্ৰচাৰ অভিযান এক নাটকঃ হাগ্ৰামা মহিলাৰী

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰাৰ পিছতে তীব্ৰতৰ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বিটিআৰৰ দুটা মূল ৰাজনৈতিক দল বিপিএফ আৰু ইউপিপিএলে ভিন্ন কৌশলেৰে প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে।

শনিবাৰে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ নাৰায়ণপুৰত এক প্ৰচাৰ অংশ লৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ মাৰাথান প্ৰচাৰ অভিযান এক নাটকহে। এই নাটকে একো কাম নিদিয়ে। দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ বিজয় নিশ্চিত। মাত্ৰ ফলাফল ঘোষণাহে বাকী।

লগতে তেওঁ দৰং-ওডালগুৰি লোকসভা সমষ্টিত ইউপিপিএলে বিজেপিক ভোট দিয়া নাই। একেদৰে কোকৰাঝাৰত বিজেপিয়ে ইউপিপিএলক ভোট নিদিয়ে। সেই ভোটসমূহ বিপিএফৰ পক্ষত বুলি মন্তব্য কৰে।

GTM Desk

Related