নগাঁৱৰ জামুগুৰিত ডেৰ শতাধিক লোকৰ চকু পৰীক্ষা
নিউজ ব্যুৰ’,নগাঁও,৪জুলাই:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিৰ গৰখীয়া থান প্ৰাংগণ আৰু ৯০নং জামুগুৰি প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এটি চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। নগাঁও স্বাস্থ্য বিভাগৰ চকু চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰা চিকিৎসা শিবিৰটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অনন্ত নাথে। ইয়াৰ পিছতে চকু চিকিৎসা শিবিৰৰ মুকলি কৰে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা প্ৰকাশ বৰাই। চিকিৎসা শিবিৰটোত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিষ্ণু বৰা,কাৰ্যকৰী সভাপতি গুণকান্ত হাজৰিকা,উপ-সভাপতি সৰ্বানন্দ ডেকা,সাংগঠনিক সম্পাদক ৰূপৰাম বৰা,গিৰিকান্ত হাজৰিকা, মন্টু বৰা,প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথ, সমাজকৰ্মী মহীন্দ্ৰ মহন্ত,অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিলন নাথ,অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় পৱন নাথ আৰু ভবানন্দ নাথ,ফটিক নাথ,সমাজকৰ্মী নাৰায়ণ কাকতিকে প্ৰমূখ্য ভালেসংখ্যক গণ্য-মান্য ব্যক্তি এই চকু-চিকিৎসা শিবিৰত উপস্থিত থকাৰ লগতে শিবিৰটি পৰিচালনাত বিশেষ ভূমিকা গ্ৰহণ কৰে। উল্লেখ্য যে শিবিৰটোত অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিকৰো অধিক লোকে চকু চিকিৎসা সেৱা গ্ৰহণ কৰে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও