ভূমিস্খলনে ‘প্রেতপুৰী’ত পৰিণত কৰিলে সৰ্বদা প্ৰাণৱন্ত নগৰ-জংচনক

ভূমিস্খলনে ‘প্রেতপুৰী’ত পৰিণত কৰিলে সৰ্বদা প্ৰাণৱন্ত নগৰ-জংচনক
FILE PHOTO: A drone view shows members of rescue teams crossing a temporary bridge to reach to a landslide site after multiple landslides in the hills in Wayanad district, in the southern state of Kerala, India, July 31, 2024. REUTERS/Francis Mascarenhas/File Photo

ভয়াৱহ ভূমিস্খলনে একপ্ৰকাৰ প্ৰেতপুৰীলৈ পর্যবসিত কৰিলে কেৰালাৰ ৱায়নাড় জিলাৰ বিস্তীর্ণ অঞ্চলক। ভূমিস্খলনৰ ফলত জিলাখনৰ বিভিন্ন স্থানত অসংখ্য ঘৰ-দুৱাৰ, অট্টালিকা তথা গাড়ী- মটৰ চুৰমাৰ হয়। ভূমিস্খলনত সর্বাধিক বিধ্বস্ত হোৱা মুণ্ডাক্কাই জংচন আৰু ইয়াৰ নিকটৱৰ্তী চুৰালমালা নগৰত চৌদিশে কেবল ধ্বংসস্তুপ দেখা গৈছে। পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ডবহু শিলে চুড়মাৰ কৰে বহু বৃহৎ অট্টালিকা তথা যান-বাহন। নগৰৰ বাট-পথসমূহত বোকাৰে ভৰ্তি বহু গাঁত দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে কালি প্রাকৃতিক দুৰ্যোগৰ ধ্বংসলীলাৰ প্ৰাক-মুহূৰ্তলৈ মুণ্ডাকাই জংচন আৰু চুৰালমালা নগৰ আনদিনাৰ দৰে ব্যস্ত তথা প্রাণবন্ত আছিল। এই দুয়োটা স্থান হৈছে স্থানীয়বহু লোকৰ জীৱিকা আহৰণৰো ক্ষেত্র। সেই অনুসৰি বিগত সময়ত দুয়োটা স্থানতে বহু দোকান-পোহাৰ তথা পকী ঘৰ নিৰ্মিত হয়।

তদুপৰি চুৰালমালা নগৰত মনোমোহা জলপ্রপাত আৰু হ্রদ থকাৰ পৰিপ্ৰেক্ষিতত নগৰখনে দেশী-বিদেশী পর্যটককো আকৰ্ষণ কৰি আহিছে। ফলত নগৰখন সর্বদা প্রাণবন্ত হৈ থাকে। বুধবাৰৰ দুর্যোগে এনে এখন নগৰকো একপ্ৰকাৰ প্ৰেতপুৰীত পৰিণত কৰে।

বহু লোকে ভাঙি পৰা ঘৰ-দুৱাৰৰ মাজত তথা ধ্বংসস্তুপত আপোনজনক বিচাৰি হাহাকাৰ কৰি থকাৰ কৰুণ দৃশ্য চৌদিশে দেখিবলৈ পোৱা গৈছে। ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা বহু প্রকাণ্ড শিল খহি বহু পকী ঘৰ মূধচো বিধ্বস্ত কৰে। মুণ্ডাক্কাইত ধ্বংসস্তুপৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ কৰা এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে সাংবাদিকৰ আগত কয়, ‘আমি সকলো হেৰুৱালো।পৰিয়ালৰ সকলো সদস্যক হেৰুৱালো। এতিয়া আৰু ইয়াত আমাৰ একো নাই।’

আনহাতে, পৰিয়ালৰ সকলোকে তথা ঘৰৰ সকলো সা-সম্পত্তি হেৰুৱাই বহুদুর্গত লোকে উদ্‌দ্ৰান্তৰ দৰে ধ্বংসস্তুপৰ মাজত আপোনজনৰ সন্ধানত থকাও দেখা যায়। আপোনজনক বিচাৰি থকাৰ সময়ত তেওঁলোকৰ চকুৱে-মুখে নিৰাশা আৰু অনিশ্চয়তাৰ ৰেশ ফুটি উঠে। এই গধুৰ পৰিৱেশৰ মাজতে স্থানীয় এজন দুর্গত লোকে অশ্রুসিক্ত নয়নেৰে সাংবাদিকক কয়, ‘ৱায়নাড়ৰ মানচিত্ৰৰ পৰা মুণ্ডাক্কাই হেৰাই গৈছে।

এতিয়া আৰু ইয়াত একো নাই। আপোনালোকে এতিয়া ইয়াত কেৱল বোকা আৰু ডাঙৰ পাথৰহে দেখিবলৈ পাব। বাট-পথত জমা হোৱাডাঠ বোকাৰ বাবে আমি এতিয়া ভালদৰে খোজ কাঢ়িবও পৰা নাই। এনে পৰিস্থিতিত আমি ধ্বংসস্তুপৰ মাজত আপোনজনৰ সন্ধান কেনেদৰে কৰিম?’

উল্লেখ্য যে ২০১১ৰ লোকপিয়লৰ তথ্য অনুসৰি ৱায়নাড় জিলাৰ সংখ্যা আঠ লাখ ১৭ হেজাৰ। তেওঁলোকৰ মাজত খিলঞ্জীয়া জনজাতি লোকো আছে।

GTM Desk

Related