হঠাৎ ভূটানে এৰিছে পানী; বঙাইগাঁও চিৰাঙত জলপ্ৰলয়
বঙাইগাঁও চিৰাঙত জলপ্ৰলয়!
বানপানীৰ কৱলত বঙাইগাঁও জিলাৰ কেইবাখনো গাও।
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীৰ ফলত আইনদীৰ জলস্তৰ বৃদ্ধি হোৱাত প্লাৱিত হৈছে কাকৈজানা গাও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী-বালাজানী, নাচনগুৰী, গাৰুগাও, কুচিয়াকাটা গাও।
ৰাতিপুৱাৰ পৰা বাঢ়ি অহা পানীৰ ফলত গাৱখনৰ কেইবাটাও বাসগৃহ জলমগ্ন হৈ পৰে।
শতাধিক পৰিয়াল বসবাস কৰা উক্ত গাওখন বানপানীৰ কৱলত পৰাৰ বাবে নাজল-নাথল অৱস্থাৰ সন্মুখীন হৈছে ৰাইজ।