গণেশ চতুৰ্থী উপলক্ষ্যে ২০ কিলোগ্ৰাম সোণ দান কৰিলে অনন্ত আম্বানীয়ে

গণেশ চতুৰ্থী উপলক্ষ্যে ২০ কিলোগ্ৰাম সোণ দান কৰিলে অনন্ত আম্বানীয়ে

গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক বিশেষ উপহাৰ আগবঢ়ালে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে।

নতুনকৈ সাংসাৰিক জীৱন আৰম্ভ কৰিছে অনন্তই। সুখৰ সংসাৰৰ আশীৰ্বাদ বিচাৰি ভগৱান গণেশক এই বিশাল পৰিমাণৰ সোণ উপহাৰ দিছে ধনী উদ্যোগপতিগৰাকীয়ে।

জানিব পৰা মতে মুম্বাইৰ লালবাঘচাৰ গণেশ মূৰ্তিৰ বাবে ২০ কেজি ওজনৰ সোণৰ মুকুট গণেশ বাবাৰ প্ৰতি আগবঢ়াইছে অনন্তই।

খবৰ অনুসৰি এই সোণ মুকুটৰ বাবে অতি কমেও ১৫ কোটি টকা খৰচ কৰিছে অনন্ত আম্বানীয়ে।

GTM Desk