নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ সম্পন্ন

নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৩ছেপ্টেম্বৰ:- ঐতিহ্যমণ্ডিত নগাঁও কলেজ(স্বতন্ত্ৰ)ৰ ৮০সংখ্যক নৱাগত আদৰণী সভাত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। সভাত অতিথি বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ,লেখক,সমালোচক, নিবন্ধকাৰ,তাৰ্কিক ময়ূৰ বৰা। ভাষণ প্ৰসংগত ময়ূৰ বৰাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি নগাঁও ইতিহাসৰ সোণসেৰীয়া সমলেৰে সমৃদ্ধ। বৰাই ভোটাই ডেকা আৰু গুণাভিৰাম বৰুৱাৰ প্ৰসংগেৰে নগাঁৱৰ গৌৰৱোজ্জ্বল ইতিহাসৰ কথা ছাত্ৰ-ছাত্ৰীসকলক ব্যক্ত কৰে। তেওঁ ৮০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৮০গৰাকী নৱাগতক ব্যতিক্ৰমী ধৰণে আদৰণী জনোৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰে। অন্যান্য শিক্ষানুষ্ঠানৰ বাবে ই নজিৰ হৈ ৰ’ব বুলি উল্লেখ কৰে। নগাঁও কলেজত প্ৰৱেশ কৰিয়ে তেওঁৰ নিকট আত্মীয় মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। বৰাই ইতিহাসৰ গৌৰৱোজ্জ্বল ইতিহাসৰ পৰা বৰ্তমান পৰিস্থিতিলৈকে সকলো সামৰি এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। কলেজ কৰ্তৃপক্ষৰ তত্ত্বাৱধানত দুদিনীয়াকৈ অনুষ্ঠিত ৮০সংখ্যক নৱাগত আদৰণী সভাত মুকলি সভা আৰু নিমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান আৰম্ভ হৈ যায়। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা মুকলি সভাত ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ মজিন্দাৰে আদৰণী ভাষণ প্ৰদান কৰে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মাই নগাঁও কলেজ(অট’নমাচ)ৰ লগত সকলো সময়তে জড়িত হৈ কলেজখনক বিশ্ববিদ্যালয়লৈ উত্তৰণৰ যোগেদি অসম তথা ভাৰতৰ অন্যতম শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত শৰ্মাই অসম চৰকাৰৰ দক্ষতা বিকাশ পৰিষদৰ লগত আলোচনা কৰি নগাঁও কলেজ (অট’নমাচ)ত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ আধাৰত দক্ষতা বিকাশ কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ অগ্ৰগতিৰ কথা আৰু এই কেন্দ্ৰই নগাঁৱকে ধৰি সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়োগ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বাট মুকলি কৰিব বুলি মন্তব্য কৰে। মুকলি সভাতে অসমীয়া বিভাগৰ দ্বাৰা প্ৰকাশিত, বিভাগৰ সহকাৰী অধ্যাপক ড° মানস জ্যোতি নিৰ্মলীয়াই নগাঁও কলেজৰ স্নাতক প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ “সক্ষমতা বিকাশ পাঠ্য” কাকতৰ লগত সংগতি ৰাখি সম্পাদন কৰা “যোগাযোগমূলক আৰু ব্যৱহাৰিক অসমীয়া” গ্ৰন্থখনো মুকলি সভাত উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে চিন্তাবিদ ময়ূৰ বৰাই। অসমীয়া বিভাগৰে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত হাতেলিখা আলোচনী “অনুৰণন” স্থানীয় বিধায়ক ৰূপক শৰ্মাই উন্মোচন কৰে। মুকলি সভাত মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰী, অনাশিক্ষক-কৰ্মচাৰী উপস্থিত থাকে। অধ্যাপক ড° লক্ষ্যজ্যোতি বৰঠাকুৰৰ শলাগৰ শৰাই তথা মুকলি সভাৰ অন্তত দীপান্বিতা ডেকাৰ সংগীতানুষ্ঠানেৰে ৮০সংখ্যক আদৰণী সভাৰ অন্ত পৰে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk